এবদেৱ আৰু শ্ৰীমধৱদেৱ ২৮৯
+
পুজা তাৰ্থ মান। কেহহ বোত্ৰে বেদে কহে প্ৰাতে সে গতি। ইচছাই বুজে যাৰ যেনে মতি। নছাৰে কব শোক খ প্ৰতি দিনে। নতা নাহিক গতি ভকতি বিহনে || তপ জপ সন্যাস প মহানে। পাৱে আমাক সখি গে মহাগ্ৰনে। কেৱলে ভকতি একে মোক কৰে ৰণ্য।” ইত্যাদি। দৰাচলত বি ভক্তি মাৰ্গ আশ্ৰয় কৰে তেওঁৰ কৰ্মত বিশ্বাস নাই। জৈমিনিৰ পূৰ্বৰীমাংসাৰ প্ৰবৃত্তি-ধৰ্ম্মৰ ক্ৰিয়াকাণ্ডৰ শিক্ষা খণ্ডন কৰাৰ কাৰণেই ব্যাসদেৱৰ নিবৃত্তি ধৰ্মৰ উত্তৰমীমাংসাৰ সৃষ্টি যেন অনুমান হয়। বেদান্তৰ শাৰিক ভাষ্যকাৰ পূজ্যপাদ শঙ্কবাচাৰ্যই “অথতে ব্ৰহ্মজিজ্ঞাসা" এই আদি সুত্ৰ টাকা কৰোঁতে কৈছে যে চিন্ত-শুদ্ধি হে ব্ৰহ্মজিজ্ঞাসাৰ হেতু হব পাৰে। হোম আদি কৰ্ম্ম মীমাংসাব ক্ৰিয়া তেনে হেতু হব নোৱাৰে। সেইবিলাক বৰং ব্ৰহ্মজিজ্ঞাসাৰ বাধা হে হয়। বহুতে ব্ৰত কৰি বেদাদি অধ্যয়ন কৰে কিন্তু তথাপি ব্ৰহ্মজিজ্ঞাসু নহয। বহুতে নানা প্ৰাকৃতিক তব বিষয়ৰ জ্ঞান লাভ কৰিব পাৰিছে কিন্তু ব্ৰহ্মতত্ত্ব জানিব নোৱাৰে। বহুতে স্মৃতি তৰ্ক দৰ্শন আদিত পাৰ্গত হৈছে কিন্তু ব্ৰহ্মজ্ঞান লাভ কৰিব পৰা নাই। বহুতে নিত্য গঙ্গাস্নান, জপ, তৰ্পণ, দান, দেৱকাৰ্য, পিতৃকাৰ্য্য আদি কৰিব লাগিছে কিন্তু তেওঁলোকৰৰ ব্ৰহ্মজ্ঞানৰ উদয় হোৱা নাই। বেদান্ত- বাদীৰ মতে ধৰ্ম ক্ৰিয়া আদিৰ দ্বাৰাই যি চিত্তপ্ৰসন্ন হয় সেয়ে মাত্ৰ তাৰ ফল আৰু জানিত বা অজানিত ভাবে এই ফল প্ৰত্যাশা কৰিয়েই কৰ্ম্ম সাধাৰণত কৰা হয়, সেই বাবে এনে সকাম কৰ্ম্ম ব্ৰহ্মজিজ্ঞাসাৰ অনুকুল নহৈ বৰং প্ৰতিকুল হয়। কৰ্ম নিকাম ভাবে কৰিব নোৱাৰিলে চিত্তশুদ্ধি নহয়; অথচ চিত্তশুদ্ধি হলে হে তত্ত্বজ্ঞান হয় আৰু তত্ত্বজ্ঞান হলেহে মুক্তি হয়, শ্ৰেীত বা মাৰ্ত কৰ্ম্মৰ সহায়ত নহয়, এই কথা বেদান্তবাদীসকলে ডঢ়াই ডঢ়াই কৈছে। বেদান্ত ব্যাখ্যাকাৰ অদ্বৈতবাদী শঙ্কৰাচাৰ্য আৰু বিশিষ্টাদ্বৈতবাদী ৰামানুজ স্বামী উভয়ে এই কথাত মিলে। কিন্তু শঙ্ক- চাৰ্যই জ্ঞানমাৰ্গক, আৰু ৰামানুজে ভক্তিমাৰ্গক শ্ৰেষ্ঠ বুলিছে। জ্ঞানমাৰ্গৰ সোহই ভাবত ভক্তিৰ স্থান নাই, সেইদেখি ভক্তিমাৰ্গ ভগৱান আত্মতকৈ বিশেষ অৰ্থাৎ transcendental। এই ভাবেই সৰ্বত্ৰ বৈষ্ণৱ সমাজত প্ৰবল। সংসাৰীৰ পক্ষে সোহহং ভাব অসম্ভৱ আৰু অনুপযুক্ত। সংসাৰীয়ে ক খুন, কত জাল, কত চুৰ, কত পৰীহৰণ আদি ভয়ঙ্কৰ ভয়ঙ্কৰ পাপ