পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এশৰেদেৱ আৰু মাধৱদেৱ ২৮৭ } আউজি ব্ৰিভঙ্গভাৱে থিয় হৈ থকা দেখি মহাৱা ৰামকৃষ্ণ পৰমহংসৰ সমাধি অৱস্থা হৈছিল। ত্ৰিভঙ্গ ৰূপ দেখিয়েই তেওঁৰ ব্ৰহ্মফুৰ্তি হল। কিন্তু beginner-অৰ এনে অৱস্থা হব নোৱাৰে। গতিকে ঈশ্বৰৰ কপিত ৰূপৰ মানস-ধ্যান আৱশ্যক। কিন্তু ঈশ্বৰ-বুদ্ধি কবি মাটি বা শিলৰ প্ৰতিমাক পজা আদি কৰা গৰু সদৃশ মুৰ্থৰ কাম। “আপুদেব মনুষ্যাণাং দিবি দেবা মনিষিণী কাষ্ঠলোষ্ট্ৰে মুখাণাং মুক্তিস্যাত্মনি দেব।” মাধৱদেৱে লিখিছে,-“অব্যক্ত ঈশ্বৰ হৰি, কি মতে পূজিবা তায়, ব্যপকত কিবা বিসৰ্জন। এৱন্ত মূৰ্তিশুন্য কোন মতে চিন্তিবাহ, ৰাম বুলি শুদ্ধ কৰ। মন।” ইয়াকে দেখিও বহুতে ভাবে যে শঙ্কৰে সাকাৰ উপাসনাৰ আৰু মাধৱে নিৰাকাৰ ঈশ্বৰৰ সাধনাৰ শিক্ষা দিছিল। বাস্তৱিক ঈশ্বৰ যে নিগুণ, নিৰাকাৰ নিৰ্বিকাৰ, চৈতন্যস্বৰূপ এই কথা দুয়ো কৈছে। কেৱল ভক্তৰ নিমিত্তে হে তেওঁ সাকাৰ আৰু সগুণ। নহলে অল্পবুদ্ধিৰ মানুহে কেনেকৈ নিৰাকাৰ নিগুণ ব্ৰহ্মৰ ধাৰণা কৰিব। সেইদেখি লোকে মানবীয় উত্তম গুণবিলাকৰ উৎকৰ্ষ ব্ৰহ্মত আৰোপিত কৰি তেওঁক সগুণ ঈশ্বৰ ভাবে আৰাধনা কৰে। সগুণ ঈশ্বৰৰ আৰাধনা। কৰোতে কৰোঁতে জ্ঞানোন্নতি হলে শেহত নিৰ্গুণ ঈশ্বৰৰ সাধনাত ধৰিব পাৰি। ওপৰত তুলি দিয়া ঘোষাৰ পদ কেফাকিৰ আগতে লিখিছে, “একান্ত ভকতসৱে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত। বৈকুণ্ঠকে পৰিহৰি, বোগীৰ হৃদয় এৰি, থাকে হৰি সাক্ষাতে তথাত”। আকৌ ঘোষাৰ এঠাইত আছে, ‘নিওঁণ কৃষ্ণ, গুণক প্ৰকাশ, কৰিলা শ্ৰীশঙ্কৰে।” নিপৰ গুণ বাস্তবিক Paradox. ইয়াৰ অৰ্থ এই যে নিৰ্গুণ ঈশ্বকে ভক্তসকলে সগুণ ভাৱে আৰাধনা কৰে। সগুণ ঈশ্বৰৰ হে সাকাৰ উপাসনা অৰ্চনা আদি বোলা যায়। নিণ নিৰাকাৰ ব্ৰশ্বৰ সাধনাৰ প্ৰকৃততে কোনো নাম হৰ নোৱাৰে; কাৰণ শব্দ বা নাম মাত্ৰেই গুণবাচক। তথাপি যিমান দূৰ ব্যক্ত কৰিব পৰা যায় ভাষাত ইয়াক বেগ বোলা হৈছে অৰ্থাৎ পৰমাৰ লগত জীৰাৰ মিলন। এতেকে ইশৰ নিৰাকাৰ আৰু সাকাৰ। কিন্তু আকাৰ বুজিলে আমি বি মুছে তেওঁ তাৰ অতীত। তেওঁৰ কোনো জড় স্কুল কি সুপৰমাণু