পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষীয়া সম্প্ৰদায়ৰ ধৰ্ম্মমত


 মহাপুৰুষ শঙ্কৰদেৱে জড় মূৰ্ত্তিত ঈশ্বৰ বুদ্ধি কৰি উপাসনা কৰাৰ বিৰুদ্ধে শিক্ষা দিছিল। “তীৰ্থ বুলি কবে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ইসব মতি, গৰুতো অধম, কৃষ্ণ বদতি।”কোনোৱে কিন্তু কীৰ্ত্তনৰ ধ্যান বৰ্ণন অধ্যায় আৰু শঙ্কৰে বৰদোৱাত থাকোঁতে জগন্নাথ দেৱৰ প্ৰতিমা সজোৱা কথাৰ দ্বাৰাই শঙ্কৰে যে পৌত্তলিকতা শিক্ষা দিছিল এনে প্ৰমাণ কৰিব খোজে।

 শঙ্কৰৰ ধ্যান বৰ্ণনত যি ধ্যানৰ কথা আছে সি মানস ধ্যান। ঈশ্বৰ চিন্তাৰ কাৰণে প্ৰথম অৱস্থাত মানুহে এটি ৰূপ চিন্তা বা ধ্যান কৰিব লাগে,নহলে চিত্ত স্থিৰ নহয়, কোনো ধাৰণা হব নোৱাৰে। সেই দেখিহে তেওঁ “মখে বোলাঁ ৰাম, হৃদয়ে ধৰাঁ ৰূপ” এনে কথা শিকাইছিল। অজ্ঞান লোকবিলাকক ব্ৰহ্ম জ্ঞান শিক্ষা দিবৰ নিমিত্তে শাস্ত্ৰকৰ্ত্তাবিলাকে ব্ৰহ্মৰ ৰূপ কল্পনা কৰিছিল।

“চিন্ময়স্যাদ্বিতীয়স্য নিফলস্যাশৰীৰিণঃ।
উপাসকানাং কাৰ্য্যাৰ্থং ব্ৰহ্মণোহৰূপ কল্পনা॥”

 উপাসকবিলাকৰ সাধনাৰ সাহায্যাৰ্থে শৰীৰহীন, উপাধিশূন্য অদ্বিতীয় জ্ঞানৰূপ পৰমেশ্বৰৰ ৰূপ কল্পনা কৰা হৈছে। এয়ে সাকাৰ উপাসনাৰ মূল। শঙ্কৰৰ উদ্দেশ্য আছিল অজ্ঞবিলাকক ব্ৰহ্মজ্ঞান শিক্ষা দিয়া। বাস্তবিক ঈশ্বৰ সাধনাৰ পথত আগবঢ়া লোকৰ প্ৰথম অৱস্থাত হে এনে উপাসনা আৱশ্যকীয়। যি এই পথত ভালকৈ আগুৱাব পাৰিছে তেওঁৰ এনে প্ৰকাৰ অৱলম্বন নহলেও হব পাৰে। মলয় বতাহ এনেই বলি থাকিলে তালবৃন্তৰ আৱশ্যক কি? নাম উচ্চাৰণ কৰোতে কৰোঁতে প্ৰথমে নামত ৰুচি পাছত নামত আসক্তি আৰু শেহত নামত আনন্দ জন্মে। তেতিয়া নাম উচ্চাৰণ বা শ্ৰৱণ মাত্ৰেই ভক্ত আনন্দত পৰিপ্লুত হয়। গৰখীয়া লৰাই ভগৱান শ্ৰীকৃষ্ণৰ নাম গোৱা শুনি আনন্দত শঙ্কৰৰ চকুৰ লোতক বাগৰি পৰিছিল। সেই প্ৰকাৰে ঈশ্বৰক চিন্তা কৰি যি সাধক হব পাৰিছে তেওঁৰ সামান্য কথাতে ব্ৰহ্মস্ফূৰ্ত্তি হয়। এটি কম বয়সীয়া ইংৰাজ লৰাই দেৱালত