নহয়। আপোনৰ পিতামহ নৰনাৰায়ণ মহাৰাজে মহাপুৰুষ শঙ্কৰদেৱৰ
শক্তি প্ৰভাৱ আৰু গুণশীল জানি তেওঁক শৰণ লৰৰ অত্যন্ত ইচ্ছা কৰিছিল।
এই ৰমণী সেই শঙ্কদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰৰ পত্নী। এতেকে এওঁক
অপোনাৰ গুৰুপত্নী বুলিব লাগে। এই ধাৰ্ম্মিক গুৰুপত্নী আপোনাৰ
ৰাজ্যত আছে; তেওঁ আপোনাৰ মঙ্গলৰ নিমিত্তে ফুল নিৰ্ম্মালি আপো-
নালৈ পঠাই দিছিল; আপুনি ভাগ্য বুলি মানি সেই নিৰ্মালি গ্ৰহণ কৰি
তুষ্ট হব লাগে। অজ্ঞানীসকলৰ কথা শুনি ৰাগ কৰিব নালাগে।” এই
কথা শুনি ৰজাই দামোদৰদেৱক প্ৰশংসা কৰি কলে “ধন্য ধন্য গোসাই
তুমি সাৰ কথা কলা। শঙ্কৰদেৱৰ কথা মই ভালমতে শুনিছোঁ। তেওঁৰ
নাতি পুৰুষোত্তমকো জানো। পুৰুষোত্তমৰ কথা মোক কবই নালাগে;
তেওঁ পৰম প্ৰসিদ্ধ গুণগণেৰে বিভূষিত আছিল। তেওঁৰ ভাৰ্য্যাই দিয়া
নিৰ্ম্মালি নিশ্চয় বিশিষ্ট। এই বামুণ পাপীষ্ঠখনে বেয়া বুলি মোক লগাইছিল;
ইহঁতে মোক নকয় যে সেই ৰমণীজনা পুৰুষোত্তম ঠাকুৰৰ ভাৰ্য্যা। ইহঁতে
মোক কৈছিল, এজনী অপবিত্ৰ বাৰী শূদিৰৰ তিৰোতাই মোলৈ নিৰ্ম্মালি
পঠিয়াই দিছে বুলি।” এই বুলি সেই বহ্মণবোৰক ঢকিয়াই ৰাজসভাৰপৰা
খেদি দিবলৈ ৰজাই হুকুম দিলত, বামণবোৰ পলাই পত্ৰং দিলে। এই
কথা ঠাকুৰৰ ভাৰ্য্যাই শুনি পৰম আনন্দিত আৰু কৃতজ্ঞ হৈ দমোদৰদেৱক
প্ৰশংসা কৰিবলৈ ধৰিলে।
ঠাকুৰৰ ভাৰ্য্যাৰ হাতত, শঙ্কৰদেৱে নিজ হাতে লেখা, সোণৰ শলখা দিয়া বৰ-ভাগৱত শাস্ত্ৰখন আছিল। দামোদৰদেৱে সেইখন ঠাকুৰপত্নীক খুজিলত তেওঁ সন্তোষ মনেৰে পুথিখন দামোদৰদেৱক দিলে। পিছত ঠাকুৰৰ ভাৰ্য্যাই সেই পুথিখন খুজি পঠিয়াই নাপালে। সেই পুথিখন আজিলৈকে দক্ষিণপাট সত্ৰত আছে। দামোদৰদেৱৰপৰা সেই পুথিখন বলোদেৱ অধিকাৰে পালে; বলোদেৱে বনমালীদেৱক দিলে। তেতিয়াৰে পৰা সি দক্ষিণপাট সত্ৰত আছে।
বৰঠাকুৰ ভাৰ্য্যাই এই দৰে দুখিত মনেৰে জীয়েক দময়ন্তীৰে সৈতে ভেলাতে থাকোঁতে এদিন দুষ্টমতি বজ্ৰনাৰায়ণ ৰজাই বলেৰে দময়ন্তীকন্যাক
শ্ৰীশ্ৰীযুত দক্ষিণপাটৰ বৰ্ত্তমান অধিকাৰ পুৰুষে কয় যে শ্ৰীশঙ্কৰদেৱৰ সেই শাস্ত্ৰখন নিজ হাতে লিকি তাত সোণৰ শলথা দি দামোদৰদেৱক দিছিল। (বাহী ৩য় বছৰ ১৮৩৪শক , আহাৰ মাহ,৮ম সংখ্যা।)