প্ৰাণ পৰিত্যাগ কৰিলে। সেৱকসকলে ঠাকুৰৰ কাঠসংস্কাৰ কৰিলে।
ভাৰ্য্যা ৰুক্মিণীয়ে স্বামীৰ স্বাদ্ধবিধি নিয়মমতে সমাধা কৰি জীয়েকেৰে
সৈতে কিছু দিন তাতে থাকিল। চতুৰ্ভুজ ঠাকুৰে ককায়েকৰ মৃত্যুৰ
সংবাদ শুনি সেৱকসকলেৰে সৈতে হৰিকীৰ্ত্তন মহোৎসৱ কৰিলে।জেষ্ঠৰ
মৃত্যুৰ সংবাদ শুনাৰ দিনাৰেপৰা চতুৰ্ভুজ ঠাকুৰ মহা শোকান্বিত হৈ
পৰিল। তেওঁ বৌৱেকক চাবলৈ আৰু জ্যেষ্ঠৰ অস্থি গঙ্গাত লগাবলৈ
বুলি বিষ্ণুপুৰ থানৰপৰা ভেলা মধুপুৰ কাকতকুটা থান দৰ্শন কৰি যাবলৈ
যাত্ৰা কৰি আহিল। ভেলা পাই তেওঁ বৌৱেক আৰু ভতিজাজীয়েকক
দেখি ককায়েকৰ নিমিত্তে অনেক খেদ কৰি, তাতে কিছুদিন থাকি, তাৰ
পিছত কাকতকুটা আৰু মধুপুৰ থানলৈ গৈ তাতে গোবিন্দ অধিকাৰৰ সৈতে
দেখা কৰি আনন্দেৰে থাকি তাৰ পিছত হৰিহৰ আতাৰপৰা অনেক ভক্তি-
তত্ত্বৰ কথা শ্ৰৱণ কৰি আকৌ ভেলালৈ আহি কিছুদিন থাকি জ্যেষ্ঠৰ অস্থি
লৈ গঙ্গালৈ গল। গঙ্গাত স্নান দান কৰি অস্থি লগাই ঠাকুৰদেৱ উভতি
আহোঁতে নৰীয়া পৰি পথতে তেওঁৰ মৃত্যু ঘটে। ঠাকুৰৰ মৃত্যু শুনি
সকলোৱে শোক কৰিবলৈ ধৰিলে আৰু তেওঁৰ ভাৰ্য্যা শোকত মৃতপ্ৰায় হল।
বিধিমতে ঠাকুৰৰ শ্ৰাদ্ধাদি সকলো কাৰ্য্য সমাপন কৰা হল।
বৰঠাকুৰৰ ভাৰ্য্যা তেওঁৰ কন্যাৰে সৈতে বেহাৰতে আছিল। এদিন ভকতসকলে তেওঁক কলে, “আই, আপোনাৰ স্বামীৰে সৈতে ৰজাই সাক্ষাৎ কৰিবলৈ ইমান আগ্ৰহ প্ৰকাশ কৰি তেওঁক মাতি পঠিয়াইছিল; কিন্তু দৈৱক্ৰমে তেওঁৰ যোৱা নহল। এতেকে আপুনি ৰজালৈ নিৰ্ম্মালি পুস্প পঠোৱাটো যুগুত।” এই পৰামৰ্শ শুনি ঠাকুৰৰ ভাৰ্য্যাই ভকতৰ হাতত ৰজালৈ ফল নিৰ্ম্মালি পঠিয়াই দিলে। ৰজাই আদৰ কৰি সেই নিৰ্ম্মালি গ্ৰহণ কৰিলে। এনেতে ৰজাৰ সভাত থকা কুট ব্ৰাহ্মণসকলে ৰজাক কলে “মহাৰাজ, শূদ্ৰৰ বিধৱা অতি অপবিত্ৰ। এনে অপবিত্ৰজনাই আপোনালৈ নিৰ্ম্মালি কেনেকৈ দিয়ে?" এই কথা শুনি ৰজাই ক্ৰোধ কৰি জগৰ ধৰি পঠিয়ালে। ঠাকুৰৰ ভাৰ্য্যাই এনে হোৱা দেখি ভয়ত থক্থক্ কৰে কপিবলৈ ধৰিলে। দামোদৰদেৱ তেতিয়া তাতে তেওঁৰ বৈকুণ্ঠপুৰ নামে সত্ৰত আছিল। ঠাকুৰৰ ভাৰ্য্যাই তেওঁক মতাই আনি এই বিপদৰ কথা কলত, দামোদৰদেৱে ৰজাক কলে “মহাৰাজ”, এই বিধবা ৰমণী সামান্য লোক