ধৰাই নি বিবাহ কৰিলে। এনে ঘটনা ঘটাত ঠাকুৰৰ ভাৰ্য্যাই মৰমান্তিক
শোক পাই বেহাৰত আৰু নাথাকো বুলি নাৱত দ্ৰব্যবস্তু ভৰা দি কামৰূপলৈ
উজাই আহিল। স্বামী ঠাকুৰদেৱৰ স্থান জনিয়া জানি তেওঁ তাতে ৰলহি।
সকলো সেৱকে চাৰিউফালৰপৰা আহি তাতে ঘৰবাৰী সজাই দি তেওঁক
ৰাখিলে। দৈত্যাৰি ঠাকুৰ, পৰমানন্দ, এওঁলোকে সদায় আহি ঠাকুৰৰ
পত্নীৰ বুজ-বাজ লৈ থাকিবলৈ ধৰিলে। চতুৰ্ভুজ ঠাকুৰৰ বিধৱা পত্নীও
বিষ্ণুপুৰৰপৰা তালৈকে আহি জাকেৰে সৈতে দেখা কৰি স্বামীৰ অৰ্থে
শোক কৰি কিছুদিন থাকি নিজৰ ঠাইলৈ উভতি গল।
শ্ৰীনৰোৱা সত্ৰাধিকাৰে লিখিছে—চতুৰ্ভুজ ঠাকুৰৰ প্ৰথম ভাৰ্য্যাৰ দুহিতৃ সুভদ্ৰা আই। চতুৰ্ভুজ ঠাকুৰৰ ভগ্নী গোবিন্দপুৰীয়া আইৰ পুত্ৰ দামোদৰ আতাক চতুৰ্ভুজ ঠাকুৰে পুত্ৰেষ্ঠি যজ্ঞ কৰি এটা সুবৰ্ণ দি কিনি লৈ নাভি ছেদন কৰি নাম গোত্ৰ দি অশৌচ গ্ৰহণ কৰি, পুত্ৰ লৈ বৰুৱা আতা আৰু গোবন্দপুৰীয়া আয়ে স্নান কৰি শুদ্ধ হল। পুৰুষোত্তম ঠাকুৰৰ দুহিতৃক নিৰঞ্জন গাভৰু গিৰিয়ে বিবাহ কৰায়। সেই কণ্যাৰ সন্তান নোহোৱাতে মৃত্যু হয়। পিছত উক্ত বৰঠাদেৱৰ খুলশালী দুহিতৃক বিবাহ কৰে,নাম-ভাতনাখাতী। তেওঁৰ চাৰি পুত্ৰ হয়। চক্ৰপাণি , সাৰঙ্গপাণি, গদাপাণি, পদ্মপাণি।
দেশত আকাল দুৰ্ভিক্ষ; বিষ্ণুপুৰ ঠাই বিলৰ ভিতৰত আৰু দূৰ; ভকতসকল অনেক অসুবিধা; তাৰ উপৰি ৰজাৰপৰাও সুখ নাই; ইত্যাদি কাৰণত চতুৰ্ভুজ ঠাকুৰৰ ভাৰ্য্যাই সেই ঠাই এৰি উজানলৈ যাবলৈ ইচ্ছা কৰিলে। শ্বত্তৰ শঙ্কৰদেৱৰ আদিলীলাৰ স্থান বুলি তেওঁ বৰদোৱাৰ ফালে গৈ পূৰ্ব্বৰ সেই স্থান অনুসন্ধান কৰি উলিয়াই হাবি বন কটাই তাতে সত্ৰ পাতি ৰলগৈ।
শ্ৰীশঙ্কৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ; তেওঁৰ পুত্ৰ চতুৰ্ভুজ ঠাকুৰ; চতুৰ্ভুজ ঠাকুৰৰ দুহিতৃ সুভদ্ৰা। ঠাকুৰ আতাই সুভদ্ৰা আইক সৰু কালতে কোলাত লৈ কৈছিল-“তোমাতহন্তে এটি লৰা হব , তেওঁৰ নাম অনন্তৰাম দিবা।” চৰিত্ৰত আছে-“শুনিও বাঞ্চনি তুমি, স্বৰূপক কহোঁ আমি, সুভদ্ৰাত যিটো পুত্ৰ হয়। যাতে ধন ৰত্ন দিবা, পুত্ৰবোধে তুলি লবা, তান্তে আশা কৰিলোঁ নিশ্চয়। ছাৰ বস্ত্ৰ অৱশেষ, নুভুজাইবা নিদিবাহা পুত্ৰ