২৭২ শৰদেৱ আৰু মাধৱদে গুৰুজন মাধৱদেৱৰ বোৰ থাকোতে তাৰ উপৰি যোবা কৰি অনিয়মৰ কাৰ্য কৰিলে। ইয়াকে ভাবি, তেওঁ ৰচনা কৰা নৱহোৰ পুথিখন এপাত এপাত কৈ জুইত পেলাই পুৰি থাকোতেই, বৰভকতিয়ে দেখি তেওঁৰ হাতত থকা ৰাকী পাতকেইটি নুপুৰিবলৈ কৈ প্ৰাৰ্থনা কৰি খুলি ঝখি কলে, দুটি এটি ঘোষা আমি প্ৰসঙ্গ অন্তত গাবলৈ থাকক।” এই বুলি সেই কেইটি পাত তেওঁ ৰাখিলে। ইয়াৰ পিছত চতুৰ্ভুজ ঠাকুৰদেৱে পাটবাউসীলৈ আহি মাকক প্ৰতিপাল কৰি থাকিবলৈ ধৰিলে। কিন্তু তেওঁলোকৰ বংশ জ্ঞাতিসকলে কথায় কথায় তেওঁলোকক হিংসা কৰি থাকে। এই কথা শুনি মাধৱদেৱৰ ভগ্নী উৰ্বশীয়ে ৰামচৰণক পঠিয়াই গুৰু-পত্নীক ঠাকুৰ আৰু বোৱাৰীয়েকসকলেৰে সৈতে সুন্দৰীলৈ তুলি লৈ গৈ প্ৰতিপাল কৰি থাকিবলৈ ধৰিলে। গুৰু-পয়ী বব বুঢ়ী হৈছিল, আন কি তেওঁৰ বোৱাৰীয়েকসকলে বুঢ়ী হৈছিল। উৰ্বশীৰ প্ৰতিপালত থাকি শঙ্কৰদেৱৰ পত্নী সুন্দৰীদিয়াতে পৰলোকলৈ যায়। ঠাকুৰসকলে আই গোসানীৰ শ্ৰান্ধবিধি মহামহোৎসৱ সমাৰোহ কৰি সম্পন্ন কৰিলে। ইয়াৰ পিছত বৰঠাকুৰ পুৰুষোত্তম জনিয়ালৈ গৈ তাত কিছুদিন থাকি বেহাৰলৈ গৈ তেল। থানতে ভাৰ্যা আৰু সেৱকসকলেৰে সৈতে নিবাস কবি থাকিল। চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰলৈ গৈ তাতে থাকিল। বিষ্ণুপুৰ থান তামজা বিলেৰে চাৰিফালে বঢ়া। তালৈকে বাৰজন সন্ত গৈ ঠাকুৰক সেৱা শুশ্ৰুষা কৰি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিলে। চতুৰ্ভুজ ঠাকুৰে সেই বৰজন সন্তক ধৰ্মচাৰ্য পাতি উজনিলৈ পঠিয়ালে। তেওঁলোকে পত পত্ৰকে সৰুৰাৰজনীয়া বালে। সেই বাৰজনৰ নাম-কানাই, হৰিচৰণ, ৰামভদ্ৰ, ৰাকৰ, ৰতিকান্ত, গোবিল, জয়কৃষ্ণ, গোপীনাথ, বিষ্ণু, মুকুল, ৰধপতি, সনাতন। সনাতনৰপৰা বেলশিৰীয়া সত্ৰ হল। জয়কৃষ্ণৰপৰ খেৰকটীয়া সত্ৰ হল। গোপীনাথৰপৰা কাৱৈৰীয়া সত্ৰ হল। কানাইৰপৰা চুঙাপাৰ সত্ৰ, কানুৰপৰা উজানিয়াল সত্ৰ, যদুমণিৰপৰা আৰলীয়া সত্ৰ হল, (যদুমণিক কোনো সাধুৱে.সতানও বোলে)। হৰিচৰণৰপৰা ললিতি সত্ত, ৰতিকান্ত আচাৰ্যৰপৰা নেপালি সত্ৰ, ৰঘুপতি জিৰপৰা বনগঞা সত্ৰ হল। ইত্যাদি।