দেৱ আৰু মাধৱদেৱ ২৭১ লোৱ॥” এই কথা শুনি বলা আতাই হৰিচৰণ গুক দ্ৰব্য বতৰে সৈতে দুজন ভকত লগত দি ঠাকুৰৰ ওচৰলৈ পঠিয়াই দিলে। হৰি আতৈয়ে সুবিধা বুজি ঠাকুৰ আৰু ঠাকুৰৰ গৰ্যাৰ আগত বলা আতাৰ কথা কলত, ঠাকুৰৰ ভাৰ্যই পৰম আনলিত হে, আতাই পঠি দ্ৰব্য সমাদৰ কৰি গ্ৰহণ কৰি শুধিলে, “তেওঁ আমাৰ ওচৰলৈ আহিবনে?” হৰি আতৈয়ে কলে “কিয় নাহিব, নিশ্চয় আহিব।” এই কথা শুনি ঠাকুৰ আৰু ঠাকুৰৰ পত্নী সন্তুষ্ট হল। ইয়াৰ পিছদিনা বদুল আতাই সেকেৰে সৈতে দ্ৰব্যবস্তু উপহাৰ লৈ ঠাকুৰ আৰু ঠাকুৰৰ ভাৰ্যাক প্ৰণাম কৰিলত, তেওঁলোকে আতাক সমাদৰ কৰি বহুৱালে। বদুল আতাই অতি বিনম্ৰভাৱে ঠাকুৰক শুধিলে, তেওঁ কাক গুৰু বুলি জানিছে? আতাৰ প্ৰশ্ন শুনি ঠাকুৰে আনন্দিত মনেবে কলে ‘মাধৱদেৱে মোক, তামোল খাব লাগে কেনেকৈ সেই পৰ্যন্ত শিকালে। মাধৱ হে মোৰ সকলো প্ৰকাৰে গুৰু, মাধৱহে প্ৰাণ; মাধৱৰ বাহিৰে মোৰ উপকাৰী গুৰু আন নাই।” এই উত্তৰ শুনি বদুল আতাই মহা সন্তোষ পালে। ঠাকুৰৰ ভাৰ্যাই নানাবিধ ব্যঞ্জনেৰে সৈতে অন্ত ৰান্ধি আতাক খাবলৈ দিলত, আতাই ভোজন কৰিবলৈ বহি তেনেকৈ দিয়া দেখি বিষ হৈ, অন্য হাতেৰে স্পৰ্শ কৰি, প্ৰাৰ্থনা কৰি ঠাকুৰৰ ভাৰ্যাক কলে “আই, এই দৰে সুগন্ধিত মনোম বিপুল অ ব্যঞ্জন ভোজন কৰিলে মোৰ ইন্দ্ৰিয়ৰ বল বাঢ়িব, মন চঞ্চল হব; এতেকে মোক খাৰপানী এটুপি দিলে, তাৰে অলপ অন্ত প্ৰসাদ ভোজন কৰিব পাৰে॥” এই কথা শুনি ঠাকুৰে প্ৰেমাকুল হৈ আতাক, ধন্য ধন্য বুলি প্ৰশংসা কৰি বুলিলে যিজনে সনাৰ স্বাদকে এৰিলে, এনেজন পুৰুষৰ বিপক্ষেও মানুহে পৈশুন্য লগায়। শুনা বাপু, তুমি মোক নিশা কৰিছিল। বুলি হৰিকৃষ্ণই মোক লগাইছিলহি। তুমি বাপু বোলা, হৰিকৃষ্ণ শূলত পৰি মৰক। এনেজন পুৰুষৰ নামে মোৰ আগত কট লগায় ঠাকুৰৰ এই কথা শুনি আতাই ঠাকুক কলে “বাপ, তেওঁক আটছে আৰু, আপোনাৰ বাক্য- বতে তেওঁৰ সকলো গল। আমাৰ আৰু বুলিব নালাগে।” এই দৰে বদুল আতাই ভোজন আলাপাদি কৰি তাৰপৰা উভতি আহি বৰপেটা পালত, বুঢ়া আতাই ঠাকুৰ মনান্তৰ বোৱা কথা শুনি পৰম আনলিত হল। বুঢ়া আতাৰ ওপৰত ক্ৰোধ কৰি যে শত্ৰখন বৰপেটালৈ পঠিয়াই ঠাকুৰে নৱবোয়া নামে এখন শান্ত কৰিছিল। এতিয়া ঠাকবে ভাৰিলে। তেওঁ