২৭০ এশৰদেৱ আৰু মাধৱৰে ► সেইদেখি বৰ-বাৰজনীয়া বোলে। বৰভকতিৰ পুত্ৰ আপুৰুপৰ ৰা হৰিগতিৰপৰা খাটপাৰ সত্ৰ হল। মুৰিৰ বেঙেনা হল। কৃষ্ণচৰণৰপৰা চুপহাৰ সত্ৰ হল। বাসুদেৱৰপৰা চতীয়া সত্ৰ, হৰি- চৰণৰপৰা সাওকুচি সত্ৰ, কৃষ্ণাইৰ পৰা শালমৰীয়া সত্ৰ, গোবিশৰপৰা চেকেৰাতলী সত্ৰ, পৰমানৰপৰা ৰতনপুৰ সত্ৰ, কমললোচনৰপৰা ঠকৰিয়াল সত্ৰ, কৃষ্ণৰপৰা গোযোথা সত্ৰ, পৰশুৰামৰপৰা পুনিয়াৰ ফুলবাৰী সত্ৰ, কৃষ্ণৰামৰপৰা কাঠৰপপ সত্ৰ হল। ঠাকুৰসকলে মাকৰ প্ৰতিপাল কৰি পাটবাউসীত অনেক বছৰ আছিল। তাৰ পিছত চতুৰ্ভুজ ঠাকুৰে তামৰঙ্গা বিলৰ পাৰলৈ গৈ তাতে বৰবাৰী কৰি থাকিল; আৰু পুৰুষোত্তম ঠাকুৰ পাটবাউসীতে ৰল। বদুল আতাই বৰঠাকুৰক অৱহেলা আৰু অৱমাননা কৰিলে বুলি বাপু- কৃষ্ণই বৰঠাকুৰ পুৰুষোত্তমৰ আগত অলীক কুট লগালত, বৰঠাকুৰে ক্ৰোধ কৰি মথুৰাদাস আতালৈ কৈ পঠিয়ালে যে এইবাৰ বদুলআতা আহিলে যেন বৰপেটা সত্ৰত তেওঁক উঠিবলৈ দিয়া নহয়। এই কথা শুনি বুঢ়া আতাই উত্তৰ দিলে যে “মই এনে কাম কেনেকৈ কৰিম। শেষ কালত গুৰুজনে সৰ্বশক্তি দি গাৰ বদল পাতি বদলা আতাক উজানলৈ পঠিয়াইছে; মোৰ কি শক্তি আছে যে এনেজনক মই বৰপেটা থানত নুতুলিম? এনেজনে মোকে এই থানৰপৰা খেদিলেই ৰা কি কৰিব পাৰে।?” বুঢ়া আতাৰ এই উত্তৰ শুনি ঠাকুৰে ক্ৰোধ কৰি, বুঢ়া আতাৰ হাতৰপৰা কীৰ্ত্তনঘোষা শাত্ৰখন কঢ়াই নিয়াই সেই শাস্ত্ৰ তেওঁক নপঢ়িবলৈ কলে। বুঢ়া আতাই কলে “যদি কীৰ্তনবোষাখনকে নিলে, আৰু তাক নপঢ়িবলৈ মোক বলে, ঘোষা শাখনিকো বা কিয় মই পঢ়িবলৈ ইয়াত ৰাখিলে। জীৱৰ তৰণৰ হেতু কল্পতৰু জগৎগুৰু শ্ৰীশঙ্কৰদেৱে কীৰ্তনঘোষা শাখন কৰি সকলো- লৈকে প্ৰকাশ আৰু প্ৰচাৰ কৰি থৈ গৈছে। তথাপি তেওঁৰ আজ্ঞা পালি তেওঁক মই শাখন দিলো।” এই কথা শুনি ঠাকুৰে যোখা শায়খনি দিলে, কীৰ্তনখন নিজৰ ঠাইত ৰাখিলে। ঠিক এনে সময়তে বদলা আতা উজান পৰা আহি বৰপেটা পালেহি। তেওঁ ঠাকুৰৰ পাশলৈ যাৰ বুজিলত, বুঢ়া আতাই তেওঁক কলে “তুমি ঠাকুৰৰ ওচৰলৈ কেনেকৈ যা? অেমাৰ প্ৰতি তেওঁ মহা কোৰ হৈছে। বোৱাৰ আগেয়ে কাৰৰ গতি বুলি