এয়োত্ৰিংশ অধ্যায় সামৰণি হৰিচৰণ ঠাকুৰে তেওঁৰ দুই পুত্ৰৰে সৈতে পাটবাউসীত মাতৃক প্ৰতি পাল কৰি আছিল। তাতে পীড়াযুক্ত হৈ হৰিচৰণ ঠাকুৰৰ মৃত্যু হয়। বৃদ্ধা মাতৃ পুত্ৰশোকত আৰু ভাৰ্য স্বামীশোক কাতৰা হৈ পৰিল। সকলো সেৱকে তেওঁলোকক অনেক প্ৰবোধ দি সাবনা কবি খোৰা নদী তীবত হবিচৰণ ঠাকুৰৰ শৱৰ কাঠ-সংস্কাৰ কৰিলে। কিন্তু ঠাইডোখৰ পৰিস্কাৰ কৰা হোৱা নাছিল। ঠিক এনে সময়তে উজানৰপৰা বদুল আতাই নাৱেবে আহি সেই খিনি পাই, কাক দাহ কৰা হল শুধি জানি, বব বিষাদ কৰি তেতিয়াই আধা পোবা কাঠ আৰু ছাইবিলাক নৈত পেলো- ৰাই ঠাই ডোখৰ পৰিস্কাৰ কৰোৱাই, চিলিঙিৰে বেঢ়ি তাৰ চাবিউফালে কলগছ ৰোৱাই, ওপৰত চন্দ্ৰতাপ তৰোৱাই দিয়ালে। সেই দিনা বহুলা আতা উপবাসে থাকি, পিছদিনা পুৱা বৰপেটা থানত প্ৰবেশ কৰি মথুৰা- মাস আতাৰে সৈতে কিছু দিন আনন্দমনেৰে থাকিল। ইয়াৰ পিছত বদুল আতাই পাটবাউসীলৈ গৈ শঙ্কৰদেৱৰ ভাৰ্য আই-গোঁসানীক সেৱা কৰিলে, আৰু লগত লৈ যোৱা দ্ৰব্য বস্তু তেওঁক দি, ঠাকুৰ দুজনকে। মহা আদৰ সন্মান কৰি বিদায় লৈ আহিল। পুৰুষোত্তম ঠাকুলৈ মাকে তিনি জনা কন্যা বিবাহ কৰাই আনিলে; চতুৰ্ভুজ ঠাকুৰকে বিবাহ দিলে; তথাপি কাৰৰ পুত্ৰসন্তান নহল, কন্যা হে হল। কিছু কালৰ পিছত বৰভকতিকে আদি কৰি বাৰজন বিশিষ্টলোকে বৰঠাকু পুৰুষোমৰ পৰা ধৰ্মক লতি, ধৰ্মচাৰ্য হৈ তেওঁৰ আজ্ঞা পাই উজানলৈ আহি সত্ৰ কৰিলে। বৰঠাকুৰৰ পৰা হোৱা সেই সত্ৰবোৰ