পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৬
শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ


আনিবলৈ পঠিয়াই দি কৈ পঠিয়ালে যে “দোলাত উঠি যেন গুৰুজন কৃপা কৰি আহে। সজাই ব্ৰতে উপবাসে থাকি কষ্ট পাইছে।” মাধৱদেৱক বুঢ়াভগীয়াই আকৌ আহি এই কথা জনালত, তেওঁ কলে “কোচৰ কুচুনীয়ে মোৰ শৰীৰৰ অৱস্থা একোকে নুবুজে; বাৰু যাব লাগে যদি ভালকৈয়ে যাওঁ।” এই বুলি তেওঁ হৰিবল্লভক কলে “হৰিবল্লভ, শীঘ্ৰে তুমি নতুন বস্ত্ৰ এখন দিয়াঁ, কমণ্ডলুত জল আনা, আৰু অঙ্গিনাত শয্যা কৰাঁ।” হৰি- বল্লভে তেনেকৈ সকলো দিহা কৰি দিলত, মাধৱদেৱে মুখ প্ৰক্ষালন কৰি নতুন বস্ত্ৰ পৰিধান কৰিলে। সেৱকসকলে দেখি ভাবিলে গুৰুজন ৰজাৰ ঘৰলৈহে যাবলৈ ওলাইছে। তাৰ পিছত মাধৱদেৱে শয্যাত বহি যোগাসন কৰি ৰৈ, মুখেৰে মাত্ৰ হৰি হৰি উচ্চাৰণ কৰিবলৈ ধৰিলে। সেৱকসকলে তেতিয়াহে বুজিলে যে গুৰুজন চলিব। ৰামচৰণ ঠাকুৰে কান্দি মোমায়েকক সাবট মাৰি ধৰিলেগৈ। সেৱকসকলে মুহুৰ্মুহু হৰিধ্বনি কৰিবলৈ ধৰিলে। ১৫১৮ শক ভাদ মাহৰ কৃষ্ণ পক্ষৰ পঞ্চমী তিথি বেলা ডেৰপৰত মহাপুৰুষ মাধৱদেৱে ৰাম নাম উচ্চাৰণ কৰি পৰমাত্মাত আত্মাক স্থাপন কৰি ব্ৰহ্মত লীন হৈ মানৱলীলা সম্বৰণ কৰিলে। ভকতসকলে বিষাদিত মনেৰে কিছুক্ষণ নিজমে পৰি থাকি হৰি বোল কৰিবলৈ ধৰিলে।

 মাধৱদেৱ চলাৰ বাতৰি বুঢ়াভগীয়াই গৈ ৰজাক কলত, ৰজা আৰু আইধাই বিমূৰ্চ্চিত হৈ পৰিল। অলপ বেলিৰ মূৰত ৰজাই সংজ্ঞা পাই, শোক কৰি কান্দি কবলৈ ধৰিলে “হৰি হৰি। মই কোচ ম্লেচ দেখি গুৰুজনে মোক শৰণ দিব লাগে বুলি পৃথিবী এৰি গল।” কতোবেলিৰ মূৰত আইধায়ে ৰজাক কলে “বাপু, এতিয়া তোমাৰ কৰ্ত্তব্য কাৰ্য্য কৰিব লাগে; গুৰুজনৰ কাষ্ঠ-সংস্কাৰৰ নিমিত্তে, আগৰ চন্দন কাষ্ঠ, ঘৃত ইত্যাদি যি যি বস্তুৰ আৱশ্যক পঠিয়াই দিয়া।” এই কথা শুনি ৰজাই ৰাজভঁৰালৰ পৰা সকলো দ্ৰব্য দি কাজীক পঠিয়াই দিলে। কাজীয়ে টোৰোচাৰ বালিত ঠাই অঁতোৱাই চিতা সজাই দিয়ালে আৰু ওচৰতে সেৱকসকলৰ নিমিত্তে চৈৰ ঘৰ এটি সজাই দিয়ালে। সেৱকসকলে চতুৰ্দ্দোল এখন কৰি গুৰুজনক ধৰি তুলিলে। ৰামচৰণ ঠাকুৰ, বলাই, নৰহৰি আৰু মুকুল আতৈয়ে কান্ধত লৈ সকলো সেৱকেৰে সৈতে মহা সমাৰোহ কৰি হৰিধ্বনি কৰি গৈ শৱ চিতাত তুলিলত, ৰামচৰণ ঠাকুৰে মুখাগ্নি কৰিলে। সকলো