সেৱকে চাৰিউফালে বেঢ়ি উচচ হৰিবোল কৰিলে, সেই ৰোল আকাশ
লঙ্ঘি উঠিল।
এনে সময়ত এটি আচৰিত ঘটনা ঘটা, চৰিত্ৰত কয়ঃ- ৰজাৰ পানী-
ভাৰী এটাই এই সময়তে এভাৰ পানী লৈ যাওঁতে মাধৱদেৱক শ্ৰীৰাম
আতাৰে সৈতে যোৱা দেখি পানীৰ ভাৰ থৈ সেৱা কৰিলে। শ্ৰীৰাম
আতাই পানী-ভাৰিক খুজি সেই ভাৰৰে অলপ পানী তেওঁৰ কমণ্ডলুত ভৰাই
দিবলৈ কৈ, কমণ্ডলুটি পাতিলত, ভাৰীয়ে তাত পানী ভৰাই দি গল।
সি ঘৰ পাই ৰজাক শোক কৰা দেখি আইধাইক কাৰণ সুধিলত, গুৰুজন
ঢুকুৱাৰ বাতৰি শুনি সি কলে “কোনে কলে? নহয়; মই এতিয়াই
গুৰুজনক বাটত পাই আহিছোঁ; তেখেত শ্ৰীৰাম আতাৰে সৈতে যাব
লাগিছে। এবাৰ আতাই মোক পানী খুজিলত, মই তেওঁৰ কমণ্ডলুত পানী
ভৰাই দি আহিছে৷; আপোনাসকলে চাওক মোৰ ভাৰৰ পানী কমি
আহিছে।" এই কথা শুনি ৰজাই পানী-ভাৰীক ধন্য ধন্য কৰি কলে
“তোৰ ধন্য ভাগ্য। তই গুৰুজনৰ দৰ্শন পালি?” এই বুলি ৰজাই
ভাৰৰ সেই অৱশেষ জল মুৰত লৈ, পান কৰি শোক পৰিত্যাগ কৰিলে।
ইয়াৰ পিছত ৰামচৰণ ঠাকুৰে বৰপেটালৈ আহি ঠাকুৰসকলক আৰু সেৱক
সকলক জান দি বুঢ়া আতাকে প্ৰমুখ্য কৰি সকলো সেৱকেৰে সৈতে
একত্ৰ হৈ বৰপেটা সত্ৰত মহা সমাৰোহ কৰি মাধৱদেৱৰ হৰিকীৰ্তন
আদি মহামহোৎসৱ সমাপন কৰিলে। শঙ্কৰদেৱৰ ভাৰ্য্যাই মাধৱদেৱৰ
বৈকুণ্ঠ প্ৰয়াণৰ বাৰ্তা শুনি শোকত ম্ৰিয়মান হল, তেওঁৰ মুখৰ বচন হৰিল।
অনেক দিনলৈকে তেওঁ মহাশোকাকুলা হৈ ক্ৰন্দন কৰি আছিল। বদুলা
আতাই গুৰুজন চলাৰ বাৰ্তা পাই শোকাকুল হল। তেওঁ সাতদিনীয়াকৈ
মহাসমাৰোহ কৰি গুৰুজনৰ তিথি মহোৎসৱ কৰিলে। সেইদৰে সকলো
সেৱকে স্থানে স্থানে গুৰুজনৰ তিথি মহোৎসৱ সম্পন্ন কৰিলে।
⸻