থলে। মাধৱদেৱৰ ওচৰত কেশৱচৰণ উপস্থিত হলত, মাধৱদেৱে তেওঁক
শুধিলে “কি হল, কি বুজিলা?” কেশৱ আতাই সকলো বৃত্তান্ত কৈ
কলে “বাপ, আপোনাৰ মহিমা কি বুজিম; হৰিহৰ আতাই যেনে দেখালে
তেনে আগতে পালোঁ।”
ইয়াৰ পিছত মাধৱদেৱ তেওঁৰ কাৰ্য্য শেষ হল জানি উদাস মনেৰে বেহাৰতে আছিল। ৰজাই সদায় তেওঁক মতাই নি কৃষ্ণ-যশৰাশি শ্ৰৱণ কৰি পৰমানন্দত মজি থাকে; কৃষ্ণকথা বিনে ৰজাৰ আন একো চিন্তা নোহোৱা হল। কৃষ্ণৰ লীলা সমূহৰ বিস্তাৰিত ব্যাখান, ভাগৱতীধৰ্ম্মৰ তাৎপৰ্য, ইত্যাদি দিনৌ শুনি মাধৱদেৱত শৰণ লবৰ নিমিত্তে ৰজাৰ মন আকুল হৈ পৰিল। আইধায়ে ৰজাৰ এই পৰিবৰ্ত্তন দেখি পৰম আনন্দিত হল। ৰজাই শ্ৰীশঙ্কৰদেৱৰ গুণ যশৰাশি শুনিবলৈ অত্যন্ত আগ্ৰহ প্ৰকাশ কৰাত মাধৱদেৱে বিবৰি সমস্তকে কলে। ৰজাৰ মন শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্ম লাভ কৰিবৰ নিমিত্তে ব্যাকুল হৈ পৰিল। এদিন ৰজাই সভাতে মাধৱদেৱক প্ৰাৰ্থনা কৰিলে যে তেওঁক শৰণ দিব লাগে। এই কথা শুনি মাধৱদেৱে ৰজাক মৃদুভাষে কলে “মহাৰাজ, ৰজাৰ শৰণ নাই। অন্য দেৱ দেবী নুপুজিলে ৰজাৰ বিঘিনিৰ আশঙ্কা আছে। পূৰ্ব্বে আপোনাৰ পিতৃ নৰনাৰায়ণ ৰজাক শৰণ নিদিবৰ নিমিত্তেই শ্ৰীশঙ্কৰ গুৰুদেৱ পৃথিবী এৰি চলিল। এতেকে মই আপোনাক শৰণ লগাব নোৱাৰিম, আপুনি মোক ক্ষমা কৰিব। ৰজাই অতি বিনয় সহকাৰে কলে ‘মই আন দেৱ দেৱী কদাচ পূজা নকৰোঁ; এতেকে কৃপা কৰি মোক কৃষ্ণদেৱৰ চৰণত শৰণ কৰাওক।” এইদৰে ৰজাই নেৰানেপেৰাকৈ ধৰিলত, মাধৱদেৱে এৰাব নোৱাৰি ৰজাক কলে “বাৰু আজি যাওঁ, ঈশ্বৰৰ ইচ্ছা হয় যদি আপুনি কাইলৈ শৰণ পাব।” এই বুলি মাধৱদেৱ ভেলা থানলৈ বিষাদিত মনেৰে আহিল। আইধায়ে মনত বৰ আনন্দ পাই ৰজাক ব্ৰতে উপবাসে ৰাখিলে। পিছদিনা পুৰ্ব্বাহ্নকালত গুৰুজন ৰজাক শৰণ কৰাবলৈ নহা দেখি আইধায়ে গুৰুজনক আনিবলৈ বুঢ়াভগীয়াক পঠিয়াই দিলে। গুৰুজনে বুঢ়াভগীয়াক কলে “মোৰ শৰীৰ মন্দ, কেনেকৈ যাম; তুমি আইধাইক কবা মই যাৰ নোৱাৰোঁ বুলি।” বুঢ়াভগীয়াই উভতি আহি আইবাইক এই কথা জনালত, আইয়ে লৰালৰিকৈ নতুন দোলা এখন গুৰুজনক