একত্ৰিংশ অধ্যায়
মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ
এদিন কেশৱচৰণ আতাই মাধৱদেৱক শুধিলে “বাপ, হৰিহৰ আতা কলৈ গল?" মাধৱদেৱে তেওঁৰ বিষয়ে সকলো কৈ কলে তেওঁ বিলৰ পাৰত ঘৰ সাজি তাতে বৈৰাগ্য ভাৱে ধৰ্ম্মক আচৰি আছে।” কেশৱ আতাই কলে “বাপ, মোক তালৈকে যাবলৈ আজ্ঞা দিয়ক, মই পাৰোঁ যদি তেওঁক লৈ আহোঁগৈ।” গুৰুজনে কলে “কেশৱচৰণ, তুমি কত পাৰিবা হবলা।” কেশৱ আতাই কলে “যাওঁচোন চেষ্টা কৰি চাওঁ।” এই বুলি তেওঁ গুৰুজনৰ ওচৰত বিদায় লৈ হৰিহৰ আতা থকা ঠাইলৈ গল। চেপে টীয়াৰ পাৰত বহি কেশৱচৰণ আতাই হৰিহৰ আতাক ৰিঙিয়াই মাতিলত বালক এটিৰ মুখে শুনি হৰিহৰ আতাই নাওখনি লৈ গৈ কেশৱ চৰণ আতাক পাৰ কৰি আনিলে। দুইজন পৰস্পৰে পৰস্পৰক লগ পাই পৰম আনন্দিত হল। কেশৱ আতাই হৰিহৰ আতাক শুধিলে “তুমি গুৰুজনৰ সঙ্গ এৰি ইয়াত অকলৈ থাকা কিয়?” হৰিহৰে আচৰিত মানি কলে “কোনে কলে মই অকলশৰে থাকোঁ? সেইখন কঠ পৰা আছে, ইয়াতে গুৰুজনৰ সঙ্গত মই মহা-সুখত বহি কৃষ্ণকথা আলাপ কৰি আছিলোঁ। তুমি অহাৰ আগেয়ে হে গুৰুজন উঠি গৈছে।” কেশৱ আতাই দেখিলে তেওঁৰ ওচৰতে কঠ এখন পৰা আছে হয়। সেইদিনা ৰাতি কেশৱ আতাই হৰিহৰ আতাৰ লগতে প্ৰীতি সুখত থাকি, পিছদিনা স্নান ভোজন কৰি আহিবৰ সময়ত আকৌ হৰিহৰ আতাক কলে “তুমি গুৰুজনৰ ওচৰলৈ বলা তেওঁৰ সঙ্গত হে তোমাৰ থকা উচিত।” এই কথা শুনি হৰিহৰ আতাই ৰাগ প্ৰকাশ কৰি কলে “তুমি স্বদেশী বুলি তোমাৰ কথা মই সহিলোঁ। মই গুৰুজনৰ সঙ্গত নাই বুলি আকৌ তুমি কিয় কলা?" এই উত্তৰ শুনি কেশৱচৰণ আতাই বিদায় লৈ আহিলত হৰিহৰ আতাই আকৌ তেওঁক বিলখন পাৰকৈ