সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৩
শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ


আছিল। তাই এদিন এটা পৰ্ব্বতৰপৰা আন এটা পৰ্ব্বতলৈ লাফ মাৰি যাওঁতে এটা পোৱালি প্ৰসৱ কৰিলে। পোৱলিটো দুই পৰ্ব্বতৰ মাজতে পৰি ৰল। জন্তুবোৰে সিংহৰ পোৱালিটি সেইদৰে পৰি থকা দেখি, সিংহ পোৱালি বুলি তাক সকলোবোৰে যোগান ধৰিলে। এতিয়া লৱৰ-নাতিও তেনে।” এই দৃষ্টান্ত শুনি বেহেৰীয়া বিষ্ণু আতাই শোক পৰিহাৰ কৰি আনন্দ কৰিলে।

 বদুলা আতাই ভুলত সৰৈদুৱাৰ এৰি গৈছিল। এনেতে বুঢ়ী এজনী ওলাই তেওঁক কলে “আতা, তুমি সৰৈদুৱাৰ এৰি আহিলা; গুৰুবাক্য পৰে।” এই কথা শুনি আতাই নাওখন পিছহোহোকাই নি সৰৈদুৱাৰ পাই তাতে সেই সন্দেশ ভোজন কৰিলে। কাঠনি পাই আতা বৰবিষ্ণু আতাৰ পাশলৈ গৈ তাত সাত দিন আছিল। সেই সাত দিন বৰবিষ্ণু আতাই দিনে ৰাতিয়ে হৰিকীৰ্ত্তন কৰিছিল। যদুমণিৰ মুখে, গুৰুজনে কোৱা নাম-মালিকা পুথিৰ কথা শুনি পুথিখন তেওঁ লেখি ললে। ইয়াৰ পিছত কিছুদিনৰ মূৰত বদুলা আতাই বৰনাৰায়ণপুৰ পালেগৈ।