আঁত-মছা নুমলীয়া। নামমালিকা শাস্ত্ৰখনো মোৰ তেনেকৈ আঁত-মছা
নুমলীয়া। নামমালিক গ্ৰন্থৰচনা কৰিয়েই কাপ-কাঠী এৰিছোঁ। শেষত
সেৱকশ্ৰেষ্ঠ তোমাক পালোঁ; তোমাতে সীমা। পূৰ্ব্বে দুবাৰ এই শাস্ত্ৰ উজানলৈ
পঠিয়ালোঁ, দুইবাৰ পানীত নষ্ট হল। এই বাৰ এই শাস্ত্ৰ তোমাত হস্তে
প্ৰচাৰ হব। এই শাস্ত্ৰ, বিষ্ণু, যদুমণি আৰু গাভৰু খাঁক দিবা; তেওঁলোকে
লেখি ললে আৰ্হিখন তোমাৰ লগত ৰাখিবা।” পদ্ম আতাই মাথা পাতি
সকলো লৈ শেহত প্ৰাৰ্থনা কৰিলে “বাপ, ভক্তবস্তুক যেন পাম, আৰু
ভক্তক পাই প্ৰাণধিককৈ পুহি ৰাখিব পাৰিম।" এই কথা শুনি মাধৱদেৱ
কলে “শুনা লৱনাতি, অতকাল এই ভক্ত-বস্তুক কোনেও প্ৰাৰ্থনা কৰা
নাছিল; কোনেও বাঞ্চা নকৰা বস্তুক পাবলৈ তুমি প্ৰাৰ্থনা কৰিলা। তুমি
যেনে বাঞ্ছা কৰিলা তেনে সিদ্ধি হব; তুমি ভকতক পাবা, আৰু ভকত
তোমাহস্তে সুখী হব।” মাধৱদেৱে আকৌ বদুলা আতাক কলে “মোক
তুমি পুৰ্ণ দেখা নাই; বিষ্ণু, মথুৰাদাস, আৰু সখাক দেখিলে আৰু ভৱানী-
পুৰীয়া গোপালক দেখিবা যেতিয়া তেতিয়া হে মোক সম্পূৰ্ণ দেখিবা।”
এই দৰে মাধৱদেৱে বদুলা আতাক বিদায় দিলে। গুৰুজনে কলে “হৰি-বল্লভ, আজি একাদশীৰ দিন, বেজিনী কল, সন্দেশ এক পোহাকৈ সেৱক-
সকলক দিব; লৱনাতিক তিনি পোহা দিবা। শুনা আমুকাই, তিনি পৰীয়া
সৰৈদুৱাৰ পাই তাতে নাও ৰাখি সন্দেশ ভোজন কৰিবা।” বদলা আতাই
সলোতক নয়নে মাধৱদেৱৰ চৰণত পৰি সেৱা কৰি বিদায় লৈ গল। গুৰু-
জনে তেওঁক দুখোজ আগবঢ়াই থলে, আৰু ভকতসকলে গুৰুজনৰ অজ্ঞাত
আতাক কিছুদুৰ আগবঢ়াই থলেগৈ। বদুলআতাই যিমান দূৰ পৰ্য্যন্ত
গুৰুজনক দেখিছিল, সিমান বাট গুৰুজনৰ ফালে পিঠি নিদি হুহকি গৈ
আছিল। গুৰুজনক নেদেখা হলত হে তেওঁ ঘূৰি যাবলৈ ধৰিলে। বদুলা
আতা গলত, বেহেৰীয়া বিষ্ণু আতাই কান্দিবলৈ ধৰিলে। গুৰুজনে
“বিষ্ণু কিয় কান্দিছ৷” বুলি শুধিলত, বিষ্ণু আতাই কলে “পুৰুষজনক নো
'চাউল একঠিয়ে নাটলেহেঁতেন নে? ইমান সোনকালে অকলৈ তেওঁক
পঠিয়াই দিয়া হল।” এই কথা শুনি মাধৱদেৱে বিষ্ণুক কলে “আমি
পিতা পুত্ৰ সমন্বিতে তেওঁৰ লগত গলোঁ। আমাৰ বাহ হে আছে, শাহ
গল। তেওঁৰ চাউল তিনি ৰাজ্যৰ লোকে খাব।” এই বুলি মাধৱদেৱে
সিংহৰ পোৱালিৰ দৃষ্টান্ত কলে,-“এজনী গৰ্ভিনী সিংহিনী এখন বনত
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫২
শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ