কদলী মধ্যত, নব দ্ৰব্য যত, সন্তাৰ লয়া অশেষ।
পাছে ভাৰ্য্যা সমে, আনন্দিত মনে, শিঙ্গৰি কৈলা প্ৰবেশ॥
কৰি স্নান দান, শুক্ল পৰিধান, প্ৰবেশি দেৱ মন্দিৰ।
প্ৰণতি পূৰ্ব্বক, স্তুতি আৰম্ভিলা, চিত্তক কৰিয়া স্থিৰ॥
* * *
সেহি মন্দিৰত, ধৌত বস্ত্ৰ পিন্ধি, ভূমিত কৈলা শয়ন।
অৰ্দ্ধৰাত্ৰি গৈলে, ঈশ্বৰ কৃষ্ণক, স্বপ্নে পাইলা দৰিশন॥
গৰুড় স্কন্ধত, ভৈলন্ত বেকত, শৰীৰ পীত বসন।
চাৰিখন হাত, প্ৰকাশে সাক্ষাত, ৰূপে মোহে ত্ৰিভুবন॥
ভৈলন্ত বিস্ময়, দেখি জ্যোতিৰ্ম্ময়,নাপাৰিলা চাহিবাক।
কুসুম গিৰিয়ে, শ্ৰুতিহত ভৈলা, নোবলন্ত একো বাক॥
কৃতাঞ্জলি কৰি, তহিতে আছয় ভুতপতি ত্ৰিণয়ন।
তাহাক সম্বোধি, আনন্দিত মনে, বুলিলা হৰি বচন॥
শুনা জটাধৰ, কহিয়ো সত্বৰ, কুসুমৰ আগে যাই।
তাহান গৃহত, হৈবে অৱতাৰ, কহিলোঁহোঁ সমুদাই॥
এহি আজ্ঞা কৰি, তহিতে তেখনে, ভৈলা হৰি অব্যকত।
ঈশ্বৰৰ বাণী, শুনি শূলপাণি, কহিলন্ত কুসুমত।
জগত আধাৰ, হৈবে অৱতাৰ, জানিবা তযু গৃহত॥
ৰুদ্ৰৰ বচন, শুনি তেতিক্ষণ, আনন্দ ভৈল মনত।
লভিয়া চেতন, গুণে মনে মনে বোলন্ত বৰ লভিলোঁ॥
আনিলোঁ সুস্বপ্ন, ফলিল আমাত, যিসব পূৰ্ব্বে দেখিলোঁ।
ভাৰ্য্যাক বোলন্ত, শুনিয়ো ঘৰিণী, কহিলন্ত মহেশ্বৰ॥
আমাৰ গৃহত, হৈবে অৱতাৰ, জানিলোঁহোঁ গদাধৰ।
দৈত্যাৰি ঠাকুৰে কৰা চৰিত্ৰতে সংক্ষেপে প্ৰায় এনে কথাই আছে :
“পুত্ৰ কামে নানা কৰ্ম্মক আচৰন্ত।
পুত্ৰ কামে হৰিবংশ শাস্ত্ৰাদি শুনন্ত॥
নানা কৰ্ম্ম কৰন্ত পুত্ৰক আশা কৰি।
নাপাইলন্ত পুত্ৰ তন্ত্ৰ মন্ত্ৰক আচৰি।
পাছে জ্ঞাতি মিত্ৰ ভাৰ্য্যা সমে আলোচিলা।
পুত্ৰ কামনায় মহেশক আৰাধিলা॥