দ্বিতীয় অধ্যায়
জন্মৰপৰা বাৰ বছৰলৈকে
আগৰ কালত প্ৰায় সকলো শক্তিমন্ত লোকৰে জন্মবৃত্তান্তৰ গুৰিত অলপ-অচৰপ অলৌকিক ঘটনা পোৱা যায়যায। ঈশ্বৰ অৱতাৰ বুলি প্ৰখ্যাত শঙ্কৰদেৱৰ জীৱনচৰিত্ৰতো যে তেনে কথা থাকিব তাত আশ্চৰ্য্য নাই। শঙ্কৰ-চৰিত্ৰত আছে যে কসুমবৰ ভূয়াঁৰ এজনী কপিলী খীৰতী গাই আছিল। গাইজনীয়েযে প্ৰত্যেক নিশা গোহালিৰ পৰা মুকলি হৈ গৈ সাতুৰি ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ শিঙ্গৰিত থকা গোপেশ্বৰ শিৱক গাখীৰ দি আহি আকৌ গোহালিত আগৰ দৰে সোমাই থাকেহি। সাদাই পূৱা গৰুজনীৰ গাটো এইদৰে তিতি থকা দেখি সন্দেহ হলত কি কথা কি বতৰানো বুলি তাৰ ওৰ উলিয়াবৰ নিমিত্তে এদিন ৰাতি খাপ দি থকা হ ল। সেই কাৰ্য্যৰ দ্বাৰাই জনা গ’ল যে তাই প্ৰত্যেক ৰাতি নৈ পাৰ হৈ গোপেশ্বৰ শিৱক গাখীৰ যোগাই আহে গৈ। কুসুমবৰে এই কথা জানিব পাৰি বৰ সন্তোষ লভি, পূজাৰ সামগ্ৰী লৈ গৈ গোপেশ্বৰক পূজা কৰিলে। গোপেশ্বৰে সন্তুষ্ট হৈ কুসুমবৰক তেওঁৰ পুত্ৰ হব বুলি বৰ দিলে।
কুসুমবৰৰ দেৱ আৰাধনা আৰু শঙ্কৰৰ জন্ম সম্বন্ধে ৰামচৰণ ঠাকুৰ প্ৰণীত গুৰুচৰিত্ৰত এইদৰে আছে :-
“পাছে এক দিন, অসন্তোষ মনে, শয্যাত কৈলা শয়ন।
পৰম সুন্দৰ, বিপ্ৰ একজন, স্বপ্নে পাইলা দৰিশন॥
ব্ৰাহ্মণে বোলন্ত, শুনিও কুসুম, চিন্তা দেখোঁ বহুতৰ।
কৈলোঁ সাৰোত্তৰ, পুত্ৰ পাইবা বৰ, অচৰ্চা কৰা গোপেশ্বৰ॥
পাছে প্ৰভাতত, বিপ্ৰক মিলয়া, স্বপ্নৰ কথা কহিলা।
উত্তম উত্তম, সুস্বপ্ন বুলিয়া, বিপ্ৰগণে প্ৰশংসিলা।