পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

তান ভকতিত তুষ্ট ভৈলন্ত শঙ্কৰ। স্বপ্নত তাহাঙ্ক শম্ভু দিলা পুত্ৰ বৰ।" ‘বাহী’ ছপা হোৱা গদ্য গুৰ-চৰি পুথিত আছে ১৩৭১ শকৰ কাতিৰ সংক্ৰান্তিৰ অমাবস্যা তিথিত বৃহস্পতিবাৰ মাজ নিশাত শঙ্কৰদেৱৰ জন্ম হয়। দৈত্যাৰি ঠাকুৰৰ পুথিত আছে :- “শুভক্ষণ শুভ লগ নক্ষত্ৰ মিলিল। সেহি বেলা কুসুমৰ পুত্ৰ উপজিল। দোভাগ বজনী অন্ধকাৰ তমোময়। সুতিকাৰ গৃহ গোট দেখি জ্যোতিৰ্ময়। মধুৰ গৰ্জনে মেঘসবে গৰজয়। ঘোড। সব চিহৰ উঠিল অতিশয়। উপজিল পুত্ৰ কথা কুসুমে শুনি। পবন আনলে স্নান সবস্ত্ৰে কৰিলা॥” কোনো কোনোৰ মতে আহিন মাহৰ পাঁচ দিন যোত শুক্লা দশমী তিথি শুকুৰবাৰ, নাতি চাৰি দণ্ড যোৱাত, ১৩৭১ শত, শঙ্কৰদেৱ ভূমিষ্ঠ হৈছিল। কোনোৱে কয়, ফাগুন নাহৰ তৃতীয়া তিথি বৃহস্পতিবাবে তেওঁৰ জন্ম। এই মতবোৰ মিলালে ১৩৭১ শকৰ কাতিৰ নাইবা আহিনৰ, নাইবা ফাগুনৰ বৃহস্পতিবাৰে ৰাতি মাজনিশা শঙ্কৰদেৱৰ জন্ম বুলি ধৰিব পাৰি। চৰিত্ৰ পুথিত আছে—শঙ্কৰদেৱ জন্ম হোৱা মাত্ৰকে ভাসকলৰ ঘৰৰ দেবীমূৰি আগত জ্বলি থকা এশগছ বন্তি নুমাল, আৰু দেবীমূত্তিসকল কাতি হৈ পৰিল; ভূতাঁ সকলৰ ঘৰত এশ পুৰ। সৰিয়হ থকা সৰিয়হৰ ভুলি বাগৰি পৰিল। ষটা-গৰ পিছত সন্তম দৈবজ্ঞক মতাই আনি গণোৱাত, দৈবজ্ঞই গণি-পঢ়ি কলে যে, এই শিশুৰ ৰাই অসংখ্য প্ৰাণীয়ে মুক্তি পাব; দেৰীৰ উপাসনা লোপ হব; মৃতি, ভাগৱত, পুৰাণাদি সৰল ভাষাত ৰচিত হৈ মানুহে অলপ বিদ্যাৰে বহুত জ্ঞান লাভ কৰিব পৰা কোমল শাসকল প্ৰচাৰিত হব; নাম উজান ভাটাত প্ৰচাৰিত হব।