পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪০ শীশৰদেৱ আৰু শ্ৰীধৱদেৰ কৰি নিজৰ বাৰীত বহা এটি সাজি থাকিবলৈ কলে। তেওঁ জয় ভাৰতীৰ তাতে থাকিল। জয় ভাৰতীৰ ওচৰত তেওঁ শান্ত পঢ়ে। এদিন তেওঁ শাত্মত পালে যে “হৰি হৰ ব্ৰহ্মা থাকে যাৰ আজ্ঞা ধৰি” এই পদ পাই তেওঁ ভাৰতীক শুধিলে যে “এই তিনি দেৱতাই কাৰ আজ্ঞা পালে? এওঁলোকক কোনে চলায়?” ভাৰতীয়ে কলে এই তিনি দেৱতাৰ বাহিৰে আন কোনো নাই। সেই দৰে শাস্ত্ৰকৰ্তাই হে কৈছে।” এদিন পদ্ম আতাই জয় ভাৰতীৰ ওচৰত পঢ়ি আছে, এনেতে এজনে। ভাৰতীক হৰিকীৰ্তনলৈ যাবলৈ নিমন্ত্ৰণ কৰিলে। ভাৰতীয়ে নিমন্ত্ৰণ গ্ৰহণ কৰি “অৱশ্যে যাম” বুলি কলে। ইয়াৰ কিছু পাছতে এজনে তেওঁক পুখুৰী উছগালৈ নিমন্ত্ৰণ কৰিলত, তেওঁ তালৈকো “নিশ্চয় যাম” বুলি নিমন্ত্ৰণ গ্ৰহণ কৰিলে। নিমন্ত্ৰণ কৰোতাজন উঠি গলত, পদ্ম আতাই ভাৰতীক শুধিলে যে তেওঁ যে পুখুৰী উছৰ্গাৰ নিমন্ত্ৰণ গ্ৰহণ কৰি যাম বুলিলে, তাৰ আগেয়ে দেখোন হৰিকীৰ্ত্তনৰ নিমন্ত্ৰণে গ্ৰহণ কৰি যাম বুলিছিল। এতিয়া একে দিনাই একে সময়তে তেওঁ কেনেকৈ দুই নিমন্ত্ৰণ ৰক্ষা কৰিব? এই কথা শুনি ভাৰতীয়ে আতাক কলে “ইয়াৰ কাৰণ কওঁ শুনা,হৰিকীৰ্তনত বিশেষ দ্ৰব্য বস্তু একো পোৱা নাযায়; গুৱা, পাণ, চাউল, বস্ত্ৰ এখন আৰু কড়ি শিকি বা টকা এটা পালেই সৰহ; কিন্তু পুখুৰী উছৰ্গাত অনেক ধন, তাম, কাহ, পিতল জাৰি, খুৰি, গো, ব, ৰজত, কাঞ্চন পোৱা যাব; সেইদেখি হৰিকীৰ্ত্তনলৈ মোৰ যাবৰ মন নাই।” আতাই মনতে বিমৰিষ কৰিলে “বাহ্মণৰ অনিত্য দ্ৰব্যত কেনে আশকতি। ব্ৰাহ্মণে দ্ৰব্যবস্ত লোভত পৰি হৰিকীৰ্ত্তনতকৈ পুখুৰী উছাক শ্ৰেষ্ঠ কৰিলে। ইয়াকে ভাবি তেওঁ ভাৰতীক কলে “বাৰু, হৰিকীৰ্ত্তনলৈ, গুৰু, মোকে পাঁচি দিয়ক, ময়ে যাও।” ভাৰতীয়ে কলে বাৰু তেন্তে তুমিয়েই যোৱা; আত কীৰ্তমলৈ গৈ সমাজত বহিল। “ৰৱলী” গ্ৰন্থখন তেওঁক পঢ়িবলৈ দিলত তেওঁ হাত ধুই পুথিখন নেলি আঁতাই পঢ়ি ঋষভ বচনৰ পদ কেইকাকি পাইয়েই প্ৰেমত বিগলিত হৈ, তেতিয়াই মনতে নিশ্চয় কৰিলে যে যিজন এই গ্ৰ ৰচনাকাৰ তেওঁকে তেওঁ গুৰু মানিব। ইয়াৰ পিছত পদ্ম আতাই ভাবিলে যে তেওঁক থাকিবলৈ এখন ঠাই লগা হল, যত তেওঁ সকলনে ঈশ্বৰৰ নাম গুণ গাই নিলা হৈ থাকিব