এশল আৰু মাধৱদেৱ গাৱত ৰাশি ৰাশি মানুহ, গৰু, পশু, পক্ষী মৰি থকা আৰুযৰবাৰীৰোৰ পুৰি ভন্ম হৈ থকা দেখি তেওঁৰ মনত বৰ বিষ লাগি বৈৰাগ্য উপস্থিত হল। তেওঁ ভাবিলে “মই কি দেখি গুলো, আৰু উভতি আহি কি দেখিলোঁ। সংসাৰ ক্ষণভঙ্গুৰ; সকল অসাৰ অলীক। এইদৰে তেওঁ ভাবি আহি বৰ পাই মনত বিৰকতি লৈ, আন কাৰ্য্য কৰি থাকি, সকলোেবোৰ অসাৰ ভাব গৃহ-কাৰ্যত সমূলি মন নিদি ৰামৰমীয়া বৰাগীসকলেৰে সৈতে হৰিনাম গাই ফুৰিবলৈ ধৰিলে। ভায়েকৰ গৃহকাৰ্যত সমূলি মন নাই, তেওঁ মাত্ৰ বৰাগীৰে সৈতে লগ লাগি নাম গাই ফুৰে দেখি ককায়েক শঙ্কৰদালে তেওঁক অনেক বুজালে, অনেক তিৰস্কাৰ কৰিলে, কিন্তু একোতে আৰু তেওঁৰ মন নিফিৰিল। বৌৱেকে পদ্মক বৰ মৰম কৰিছিল। তেওঁ ভাবিলে, দেওৰেকক বিয়া কৰাই দিলে দেওবেক গৃহস্থী থিৰ হব। ইয়াকে ভাবি বৌৱেকে পদ্ম আতাক কন্যা এটা বিয়া কৰাই দিলে; কিন্তু তেওঁ বৌৱেকৰ অন- ৰোধ এৰাব নোৱাৰি যদিও বিয়া কৰালে, তথাপি তাক জাল বুলি ভাবি গৃহকাৰ্য আৰু গৃহস্থী ধৰ্মলৈ সম্পূৰ্ণৰূপে অনাস্থা প্ৰদৰ্শন কৰি আগৰ দৰেই নাম গাই ঈশ্বৰ চিন্তা কৰি ফুৰিবলৈ ধৰিলে। ভায়েকক কোনো মতেই গৃহকাৰ্যত আৰু গৃহস্থী ধৰ্ম্মত লগাব নোৱাৰি, শেহত তেওঁৰ বৰ খং উঠি ভায়েকক ভাত নিদিবলৈ ভাৰ্যাক টান হুকুম দিলে। বৌৱেকৰ কিন্তু দেওৰেকলৈ বৰ মৰম, সেইদেখি তেওঁ লুকাই শুশ্ৰুষা কৰি দেওৰেকক ভাত দিবলৈ ধৰিলে। এদিন ইয়াৰ গম পাই স্বামীজনে ভাৰ্য্যাক বৰকৈ গজি- বলৈ ধৰা দেখি পদ্ম আতাক বেলেগে ঢুকতে চৰু এটা জুৰি বৌয়েকে ভাতৰ দিহা কৰি দিলে। তেনে হোৱা দেখি ককায়েকে কুটা এডাল বেৰেৰে সৈতে চৰুত লগাই চৰুটো দুৱা কৰি থলে। এনে হোৱা দেখি পদুই ককায়েকৰ ঘৰ পৰিত্যাগ কৰি, ওচৰতে এজন গৃহস্থৰ ৰিহানিৰ মাজত জুপুৰি এটাত থাকিলহি। কিন্তু ককায়েকে তালৈকে গৈ তেওঁৰ চৰুটো বেৰেৰে সৈতে লগাই খৰিক পেলাই থৈ চৰুটো দুৱা কৰি অহাত তেওঁ সেই ঠাই এৰি আন এবৰ গৃহস্থৰ বহুতলৰ জুপুৰি এটাত ৰলগৈ। তাতে ককায়েকে তেওঁক আমনি কৰিবলৈ নেৰাত, তাৰপৰা তেওঁ আৰু আঁতৰ হৈ হাতীশাল নামৰ ঠাইত বহা এটি কৰি লগৈ। এই দৰে ঠাই সলাই থাকিও তেওঁ ককায়েকৰ হাত সাৰিব নোৱাৰি বিন হৈ দুখ কৰি থকা দেখি জয় অতীৰে তেওঁৰু তাৰ কাৰণ ঋষি জানিব পাৰি তেওঁক আপা