২৩৮ শীশৰদেৱ আৰু মাধৱদেৱ ধৱলপুৰলৈ উঠি গৈ মাতামহ হনুমাৰ ঘৰত ৰলগৈ। ধৱলপুৰত পদ্মক গৰু ৰাখিবলৈ দিয়া হল। তেওঁ লগৰীয়া ছটি গৰখীয়া লৰাৰে সৈতে গৰু চৰাই ফুৰিবলৈ ধৰিলে। ককায়েকে পদ্মক লেখাপঢ়া শিকাবৰৰ দিহা কৰি দিলত পাই লেখাপঢ়া শিকিবলৈ ধৰিলে। সেই সাতজন গৰখীয়া লৰাৰ একো একোজনে একো একো দিনকৈ গৰু ৰাখি আৰু বাকী ছদিন লেখাপড়া কৰে দেখি তেওঁলোকৰ বিদ্যা শিক্ষাত কোনো বিঘিনি নঘটিল। সেইদৰে মাতামহৰ ঘৰত তেওঁলোেক থাকোঁতে পাঁচ বছৰ হল। এনেতে এদিন গোপালে তেওঁৰ পুৰণি ভোটলৈ আহি দেখিলে যে তাত ঘৰ-বাৰী একো নাই, ভেটিটোত হাবি হৈ পৰিছে। তেওঁৰ ভতিজাকহঁত মাকেৰে সৈতে ধৱলপুৰলৈ গল বুলি শুনি তেওঁ সেই পুৰণি ভেটিতে আকৌ নকৈ ঘৰ-দুৱাৰ সাজি, ভতিজাকহঁতক বৌৱেকেৰে সৈতে তালৈ লৈ গলহি। গোপালে তেওঁলোকক প্ৰতিপাল কৰি ৰাখি শঙ্কৰদাসলৈ কন্যা এটি বিয়া কৰাই দিলে। ইয়াৰ কিছুদিনৰ মূৰত তেওঁলোকৰ খুৰাক গোপালৰ মৃত্যু হল, আৰু তাৰ পিছত মাতৃদেবীৰ পৰকাল হল। বহুৰমাকে বিয়া দিয়া হল; আৰু জগন্নাথচৰণ নামে বহুৰামৰ এটি পুত্ৰ হল। খুৰাক মাকৰ মৃত্যু পিছত পদ্ম ককায়েক শঙ্কৰদাসৰ লগতে থাকিল। এনেতে সেই অঞ্চলত অকস্মাৎ ডফলাৰ যুদ্ধ উপস্থিত হলত, সকলো ৰায়ত যুক্তলৈ ওলাল। শঙ্কৰদাস আৰু পদ্মৰ ভিতৰৰ এজনক সেই যুজলৈ যাবলৈ ৰায়তে মাতিলত, শঙ্কৰদাসে ভায়েক পদ্মকে পাচিলে। জ্যেষ্ঠৰ আজ্ঞা সাদৰেৰে পালন কৰি পদ্ম ৰং মনেৰে ৰায়তেৰে সৈতে ডফাৰ মুজলৈ গল। যজৰ ঠাইত পদ্মৰ ওচৰত দুটা নটৰ লৰাও আছিল। অফলাই যুজত প্ৰায় সকলোবোৰ লোককে বিনাশ কৰি শেহত খেদি গৈ সেই নটৰ লৰা দুটাকো মাৰিলে। পদ্মই এনে হোৱা দেখি বিষাদিত হৈ অস্ত্ৰ ধৰি ডফলাৰে সৈতে যুজিবলৈ সাজু হল। ডফলাই তেওঁক বেঢ়ি ধৰিলে। কিন্তু আচৰিত কথা ডফলাই যত যাঠি জোং তেওঁৰ ফালে মাৰি পঠিয়াই, সেইবোৰ তেওঁৰ গাত লাগি উৰি যায়। তেনে হোৱা দেখি ডলাবোৰে আচৰিত মানি তেওঁক “দেও মানুহ” বুলি এৰি থৈ গুচি গ'ল। ইয়াৰ পিছত পদ্ম আতাই তাৰ পৰা উভতি বৰুৱা হৈ আহোঁতে ৰাটত