পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিংশ অধ্যায় বদুল আতাৰ চৰিত্ৰ। কুণ্ডিল নগৰত সুৰৰাজ আৰু যুবৰাজ নামে দুজন ধনী মানী প্ৰধান কায়স্থ আছিল। সুবৰাজৰ পুত্ৰৰ নাম লৱ, যুবৰাজৰ পুৰৰ নাম কুশ। দেশৰ বিভ্ৰাটত দুয়ো ভাগি আহি বৰনাৰায়ণপুৰত ঘৰবাৰী কৰি থাকিলহি। লৱৰ দুটি পুত্ৰ হল নাম, তিতা চোমদাৰ আৰু গোপাল। কুশৰ এটি পুতেক,নাম, শ্যাম চোমদাৰ। তেওঁলোক ৰজা প্ৰজা ভূঞা বিপ্ৰ সকলোৰে আদৰৰ পাত্ৰ হৈ উঠিল। তিতা নোমমদাৰে সত্যা নামে এটা কন্যা বিবাহ কৰিলে। সত্যাৰ গৰ্ভত প্ৰথমতে শবদাস নামে এটি পুত্ৰ হল। তাৰ পিছত বহুমা নামে কন্যা এটা হল। কিছু কালৰ পিছত সত্যাৰ গৰ্ভত তিতাচোমদাৰৰ আৰু এটি পুত্ৰ হল, তেওঁৰ নাম পদ্ম (পিছত বদুল আ)। জন্ম হোৱাৰ কিছুকালৰ পিছত তেওঁলোকৰ পিতৃ চোমদাৰৰ মৃত্যু হল। শঙ্কৰদাস আৰু পদ্ম মাকেৰে সৈতে খুক গোপালৰ লগত থাকিল। শ্যাম চোমদাৰৰ পুতেকৰ নাম পুৰুমোত্তম। ৰজাৰ আজ্ঞাত বহ্মপুত্ৰৰ দক্ষিণ পাৰে প্ৰজা বহুৱাবৰ নিমিত্তে পুৰুষোত্তম আৰু গোপাল দুয়ো দক্ষিণ পাৰলৈ গল। খুৰাক গোপালে লৰা দুটি আৰু ছোৱালীজনীক তেওঁলোকৰ মাকেৰে সৈতে প্ৰতিপাল কৰি আছিল; এতিয়া তেওঁ দূৰলৈ আঁতৰি যোৱাত তেওঁলোক নিঠৰুৱা হৈ পৰিলত, হিংসাকুৰীয়া বঙহ জ্ঞাতিসকলে তেওঁলোেক হিংসা কৰি দুখ দিবলৈ ধৰিলে। সেই দেখি শঙ্কৰদাসে ভায়েক ভনীয়েক আৰু মাকেৰে সৈতে

চৰিত্ৰত আহে, নাৰায়ণে আহি সত্য সতীৰ তেওঁৰ গৰ্ভত থাকিবলৈ ঠাই খে স্বপ্ন সত্যাই দেখছিল। সেইদেখি পদ্মৰ এটা নাৰ হৰিপপা। তেওঁ দেখিবলৈ বৰ অপু আছিল, আৰু তেওঁৰ গাৰ বৰণ পদ্মৰ নিচিনা # আছিল দেখি তেওঁৰ নাম পন্য হৈছিল।