পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ধৰ্ম্মৰ ৰজা পাতিলোঁ।” এই বুলি ৰজাই গন্ধ চন্দন আনি মাধৱদেৱক দি সন্মান কৰিলে। আইধায়ে মাধৱৰ জয়জয়কাৰ শুনি পৰম আনন্দ লাভ কৰিলে; ৰাজ্যৰ সকলো প্ৰজাই আনন্দ পালে। ৰজাই বিৰূ কাজীক কলে “তই এতিয়া মাধৱক সাদৰ কৰি আগবঢ়াই থ গৈ।” ৰজাৰ আজ্ঞা শুনি বিৰূৱে আৰিয়া জোৰ দি মাধৱদেৱক কিছুমান বাট আগ বঢ়াই থৈ আহিলগৈ। মাধৱদেৱে পথত যাওঁতে বলদেৱৰ সত্ৰত হৰিনাম গোৱা শুনি সঙ্গৰ ভকতসকলক শুধিলে “কি আমি ভেলা পালোঁহি নে কি?" ভকতে উত্তৰ দিলে “ভেলা নাই পোৱাহি; এইখন দামোদৰীয়া সত্ৰ; তাত নাম স্তুতি স্তোত্ৰ গাইছে।” এজন ভকতে কলে কিন্তু নামৰ আগগুৰি হে নাই।” মাধৱদেৱে সেই কথা শুনি কলে “একো হানি নাই। সি তথাপি সংসাৰ তৰিব, হৰি নাম যেনে তেনে মতে কীৰ্তন কৰিলে, অগ্নিয়ে তৃণ বন দহাৰ নিচিনাকৈ সি পাপ দহন কৰে।”

 ইয়াৰ পিছত মাধৱদেৱৰ যশৰাশি বেহাৰৰ চতুৰ্দিশে ব্যাপ্ত হৈ পৰিল। নানা ঠাইৰপৰা সন্ন্যাসী, বৰাগী, সাধু, মহন্ত আহি তেওঁৰ ওচৰত শাস্ত্ৰালাপ কৰিবলৈ ধৰিলে। নানা ঠাইৰপৰা লোকসকলে আহি তেওঁৰ ওচৰত শৰণ ললে।

 এদিন ৰজাই মাধৱদেৱৰে সৈতে সাক্ষাৎ কৰিবলৈ মহা সমাৰোহ কৰি মাধৱদেৱৰ সত্ৰলৈ আহিল। মাধৱদেৱে ৰজাক আগ বঢ়াই আদৰি আনিলে। ৰজাই মাধৱদেৱক প্ৰণাম কৰি বহি তেওঁৰে সৈতে অনেক সদালাপ কৰিলে। বিৰূ কাজীৰ হতুৱাই ৰজাই মাধৱদেৱৰ আগত টকা বস্ত্ৰ থোৱাই মাধৱদেৱক প্ৰণাম কৰোৱাই ক্ষমা প্ৰাৰ্থনা কৰালে। ৰজাই ঘৰলৈ উভতি গৈ আইধাইৰ আগত মাধৱদেৱৰ অনেক প্ৰশংসা কৰি কলে “মই ধন্য, মোৰ ৰাজ্যলৈ এনেজন সাধু পুৰুষ আহিছে, যাৰ প্ৰকাশিত ধৰ্ম্মক ধৰি লোকসকল তৰিব।” এই কথা কৈ ৰজায়ো মাধৱদেৱৰ ধৰ্ম্মক ধৰিবৰ নিমিত্তে মনতে নিশ্চয় কৰিলে।