পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


বেয়া বুলি জানিলি?” ৰজাই বিৰূক এই দৰে কৈ মনতে ভাবিলে, বাৰু বুজি চাব লাগে, বিৰূয়ে কিয় এতিয়া মাধৱৰ বিপক্ষে এই দৰে কয়। ইয়াকে ভাবি ৰজাই মাধৱদেৱক মতাই আনিলে। পশ্চিমৰ তিনিজন পণ্ডিত ৰজাৰ ৰাজ্যতে আছিল, তেওঁলোককো ৰজাই মতাই আনি সমাৰোহ কৰি সভা পাতি, তেওঁলোকক কলে, “এওঁ আসামৰ এজন মহাজন। এওঁৰে সৈতে তোমালোকে আলাপ আৰু বিচাৰ কৰাঁ। এওঁ শৰৎ কালৰ দেবী পূজা নকৰে। বিষ্ণুৰ বাহিৰে আন দেৱতাৰ পূজা নকৰে।” এই কথা শুনি পণ্ডিতে মাধৱদেৱক আন দেৱ পূজা নকৰাৰ কাৰণ শুধিলত, মাধৱদেৱে কলে “গতাগত ভোগ বাঞ্চা যি কৰে তেওঁৰ হে আন দেৱ দেৱী পুজা কৰিবৰ আৱশ্যক হয়। একশৰণ হৈ কৃষ্ণক ভক্তি কৰোঁতাজনৰ হৰি বিনে আন মুক্তিদাতা নাই। যত দেৱ দেৱী হৰিৰ বিভূতি মাত্ৰ। হৰিৰ আজ্ঞাত সেইসকলে স্ৰজন সংহাৰ কৰে। অচৈতন্য দেৱতাসকলৰ উৎপত্তি একমাত্ৰ চৈতন্য হৰিত। হৰিৰ মায়া বিভবৰ পৰিছেদ নাই। সকলো দেৱ দেবী ঈশ্বৰৰপৰা পৃথক। কৃষ্ণৰ বাহিৰে দেৱতাত চিদাংশ নাই। ব্ৰহ্মা ৰুদ্ৰ মায়াৰ প্ৰভাৱত অভিভূত। দেৱতাসকলে জড় ৰূপে কৰ্ম্ম কৰি থাকে আৰু সেৱকসকলক ভোগ ঐশ্বৰ্য্য আদি দিয়ে। জড়ক পূজিলে মুক্তি লাভ নহয়; এই কথাৰ প্ৰমাণ মুচকুণ্ডৰ বচনত আছে; আৰু ভাগৱতৰ বেদস্তুতিত আছে।” এইদৰে বেদ বেদান্তৰ প্ৰমাণ দি মাধৱদেৱে পণ্ডিতক কলত, তেওঁলোকে মহাসন্তোষ পাই, মাধৱদেৱক ধন্য ধন্য বুলি প্ৰশংসা কৰিবলৈ ধৰিলে আৰু ৰজাক কলে “মহাৰাজ, মাধৱৰ মত সৰ্ব্ব বেদ বেদান্তৰ ৰহস্য; আমি শুনি মানিবলৈ বাধ্য হলো।” পণ্ডিতসকলৰ মুখে এই কথা শুনি ৰজাই বিৰূ কাজীৰ ফালে চাই কলে “বিৰূ, পণ্ডিতসকলে এতিয়া কি কলে তই শুনিলি? তই অকাৰণ মহা সন্ত মাধৱক দ্বেষ কৰিলি। তই নিৰ্বোধ, একো নাজান।" বিৰূৱে কলে মই কোচ ম্লেচ অজ্ঞজন, মই কি জানো; বামুণে যিহকে কলে তাকে শুনিছিলোঁ।” ৰজাই কলে “এই বামুণবিলাকক দূৰ কৰি দে গৈ। আৰু যেন সিহঁত মোৰ নগৰৰ ভিতৰলৈ নাহে। তই চাচোন, মাধৱৰ মত কেনে বিচক্ষণ। এই পথৰ বাহিৰে জীৱৰ তৰণৰ সুগম পথ আৰু নাই। আজিৰপৰা মোৰ ৰাজ্যৰ সকলো লোক মাধৱৰ মতে চলক। মোৰ ৰাজ্যত যত সন্ত সাধু সন্ন্যাসী আছে সকলোৰে ওপৰত মই মাধৱক