এশলে আৰু মাধৱৰে ২৩১ তেওঁলোক কেতিয়া মবি ফয়; আৰু সেই কথা শুনি ভকতসকল বিন হৈ থাকে। এই কথা মাধৱদেৱে শনি এদিন বললাম দৈৰক মতাই অনাই কলে “বললাম, তুমি লোকৰ মৰণৰ কথা কোৱা, কিন্তু তোমাৰ মৰণ কেতিয়া হব কোৱাচোন?” গুৰুৰ প্ৰশ্ন শুনি বললনে উত্তৰ দিলে “বাপ, মই মৰিবলৈ তিনি পক্ষ তিনি দিন আছে। মৰি সাদিন বাহী শ হৈ থাকিম.। এই কথা জানি আপোনাৰ ওচৰ চাপি আপোনাৰ অভয় পদত শৰণ ললো।” বলোৰামৰ কথা শুনি মাধৱদেৱে তুষ্ট হৈ বললাম কলে “তোমাৰ চাৰি দিন গুচালো।” বলোৰাম দৈবজ্ঞৰ বহা হাটীৰ মুৰত আছিল। তেওঁৰ মৃত্যুৰ তিনি দিনৰ পিছত হে লোকে শৱটো দেখি গুৰুজনক জনোৱাত গুৰুজনে সৎকাৰ কৰোৱালে। এদিন আইধায়ে মাধৱদেৱক প্ৰাৰ্থনা কৰিলে যে তেওঁ ভকতসকলৰ পদধুলি লবৰ ইচ্ছা কৰিছে, এতেকে সকলো ভকতক যেন গুৰুজনে নিজৰ ঘৰলৈ পঠিয়াই দিয়ে। আইধাইৰ প্ৰাৰ্থনা শুনি মাধৱদেৱে ভকত সকলক যাবলৈ আজ্ঞা দিলত সকলো গল, কিন্তু শ্ৰীৰাম আত নগল। শ্ৰীৰাম নোযোৱা দেখি আইধায়ে বেজাৰ কৰি গুৰুজনলৈ কৈ পঠিৱাত, মাধৱদেৱে শ্ৰীৰামক পাঁচি দিলে। গুৰু বাক্য শিৰোধাৰ্য কৰি শ্ৰীৰামে লাওটিত পানী ভৰাই লৈ গৈ দুৰতে ভৰি ধুই হিল গৈ। শ্ৰীৰামৰ পদ-জল লবৰ আইধাইৰ অভিপ্ৰায় আছিল, কিন্তু শ্ৰীৰামে এনে কৰি সেইটো ব্যৰ্থ কৰিলত আইধায়ে বিষাদ কৰিলে। শ্ৰীৰামক আইধায়ে যি দ্ৰব্য বত বন্ত্ৰ দিছিল শ্ৰীৰামে সেইবাৰ একো নুছুই গুচি আহিল দেখি আইধায়ে খেদ কৰি আহি মাধৱদেৱক সেই কথা কলত মাধৱদেৱে তেওঁক কলে, “আপুনি খেদ নকৰিব, শ্ৰীৰাম পৰম নিৰাকাৰী, একোতে শ্ৰীৰামৰ আকাঙক্ষা লোভ, অথবা আশা নাই।” পুৰ্বে মাধৱদেৱে কৰ আজ্ঞামতে ৰামচৰণ ঠাকুৰে, ঠায়ে ঠায়ে হোৱ হোৱা হৈ থকা কীৰ্তনবো শান গোটাই একে ঠাই কৰি, মাধৱদেৱ দিবৰ নিমিত্তে বেহাৰলৈ যাত্ৰা কৰি গল। ৰামচৰণে বাটত বিজয়পুৰত। সোমাই যাওঁতে বিজয়পুৰৰ হৰিকৃষ্ণ আতৈয়ে চাবলৈ বুলি কীৰ্ত্তন পুথিখন খুলি দিনচেৰেকৰ নিমিত্তে ৰাখিলে। ৰামচৰণ মাধৱদেৱৰ ওচৰ পালত, মাধৱদেৱে পৰম সন্তোষ পাই কাৰপৰ সকলো সেৱকৰ বাৰ্তা ৰচণক