বস্তুবোৰ গাড়ীত তুলি লৈ গৈ মাধৱদেৱৰ আগত দম কবিলে গৈ। সকলো সেৱকে দেখি আশ্চৰ্য্যান্বিত হল। তেতিয়া মাধৱদেৱে ভকতসকলক কলে “তোমালোকে এতিয়া হৰিদাসৰ ভকতি বুজিলা নে?” ইয়াৰ পিছত হৰিদালে গুৰুজনৰ চৰণত পৰি প্ৰাৰ্থনা কৰি কলে বাপ, আজিহে মোৰ বন উপাৰ্জনৰ সাফল হল। নিজ দাসৰ দ্ৰব্যবস্তুবোৰ ৰাখক, মোৰ কোটা কোটা পুৰষ উদ্ধাৰ হওক।” এই কথা শুনি মাধৱদেৱে পৰম সন্তোষ লভি, দ্ৰব্যবোৰৰ ওপৰত চকু ফুৰাই হাত দি কলে, “হৰিদাস, তুমিৰে সৈতে সকলো ধন দ্ৰব্য আমাব। এতেকে তুমি ধন দ্ৰব্যবোৰ নিজৰ ঘৰলৈ লৈ যোৱাঁ। তোমাৰ প্ৰাৰ্থনা বাখিলে, তুমি মাথোন এশটকা ভকতসকলৰ মাজত বিলাই দিয়াঁ।” হবিদাসে গুক বাক্য মতে কাৰ্য্য কৰি দ্ৰব্য ধন বস্তুবোৰ লৈ নিজৰ ঘৰলৈ গল।
এদিন কেশৱ হাজাৰা নামে সেৱক এজন আহি মাধৱদেৱক সেৰ। কৰিলত, তেওঁক মাধৱদেৱে শুধিলে “হাজাব। তুমি নাম লোৱনে?” তেওঁ কলে “বাপ, লোৱা হয়। মাধৱদেৱে শুধিলে “কেনেকৈ লোৱা?” হাজাৰাই উত্তৰ দিলে, “আমি পুত্ৰ পবিবাব সকলে মিলি নাম লওঁ।” আকৌ প্ৰশ্ন হল “তেওঁলোকক কি বুলি ভাবা?” হাজাবাই উত্তৰ দিলে “আপোনাৰ জন বুলি মাননা।” মাধৱদেৱে হাজাৰাক কলে “হাজাৰা, তুমি এতিয়াও নাম লব জনা নাই। এবছবব মুবত মোব ওচৰলৈ আহিৰা।” এই আজ্ঞা শুনি হাজৰাি নিজৰ ঘৰলৈ উভতি গল। ঘৰলৈ আহি হাজাই হবি নাম প্ৰসঙ্গ কৰি থাকিল। ছমাহৰ মূৰত হাজাৰ আকৌ আহি মধৱদেৱৰ পাশত ওলালত মাধৱদেৱে তেওঁক শুধিলে “হাজাৰা, তোমাক এবছৰ মূৰত হে আহিবলৈ কৈছিলো, এতিয়া ছমাহতে ওলালহি দেখোন? হাজাৰাই মিনতি কৰি জনালে “বাপ, আপোনাৰ সঙ্গ এৰি থাকিবনোৱাৰে। আপোনাৰ দুখানি চৰণে নোক মোৰ কেশত ববি টানি আনিলে।” মাধৱদেৱে শুধিলে “হাজাৰা তুমি কেনেকৈ নাম লৈছিলা?” হাজাৰাই কলে বলো পৰিবাৰেৰে সৈতে।” মাধৱদেৱে শুধিলে, “তেওঁলোকক কি বুলি ভাবা?” হাজাৰা আতৈয়ে কলে তেওঁলোকক তযু ভৃত্য বুলি ভাবে।”
মাধৱদেৱৰ সেৱক বললাম নামে এজন দৈবজ্ঞ আছিল; তেওঁ বৰ ভালকৈ জ্যোতিষশা জানিছিল। বললাৰামে ভকতসকলৰ হাত চাই,