২২৪ শ্রীশৰদেৱ আৰু শ্ৰীমাধৱদে এই কথা শুনি মাধৱদেৱে বুঢ়া আতাক প্রশংসা কৰি ঘােষা তিনটি নিজৰ ঘােষাৰ অন্তৰ্গত কৰি ললে। ইয়াৰ পিছত তেওঁ আতাক বিদায় দি বৰ পেটালৈ পঠিয়াই দিলে। বুঢ়া আতা বৰপেটালৈ উভতি অহা বাতৰি শুনি নাৰায়ণ ঠাকুৰ, ভৱানীপুৰীয়া গােপাল আতা, বৰবিষ্ণু আতা আদি সকলাে আহি গুৰুজনৰ বার্তা পুছি সকলাে জানি আনন্দ মনেৰে ঘৰঘৰি গল। ইয়াৰ পিছত বুঢ়া আতাই সেৱকসকলক জান দি আনি বৰপেটাৰ কীৰ্ত্তনৰ মনিকুট হাটবাটা আদি আকৌ নতুনকৈ সজোৱাই থানৰ বন্তি অলাই ৰাখি নাম-প্রসঙ্গ কৰি থাকিবলৈ ধৰিলে। এদিন আইবায়ে কিছুমান কাপােৰ গুৰুজনলৈ পঠিয়াই দি কোৱাই পঠিয়ালে যে সৰু বৰ অনুসাৰে সৰু বৰ ভকতসকলক যেন কাপােবােৰ বিলাই দিয়া হয়। এই কথা শুনি মাধৱদেৱে ক্ৰোধ কৰি কাপােৰবােৰ ওভােতাই দি আইইক কোৱালে যে কোন ভকত সৰু, কোন ভকত বৰ, মই নাজানাে। কোচৰ কুচুনী বুঢ়ীয়ে জানে যদি নিজে আহি সেই দৰে ভাগ বাটি দিয়কহি।” এই কথা শুনি আইধাইৰ মুখৰ মাত হৰিল ; তেওঁ লৰালৰিকৈ কাপােৰবােৰ আকৌ লৈ আহি গুৰুজনৰ ৰণত পৰি কাকুতি কৰি ক্ষমা প্রার্থনা কৰিলত, গুৰুজনে ক্ষমা কৰি তেতিয়া ভকত সকলক কাপােৰবােৰ বটোৱাই দিয়ালে। প্রসঙ্গৰ অন্তত ভকতাকলে বহালৈ গৈ পৰম্পৰ কৃষ্ণ কথা আলাপ নকৰি আন কথা-বতৰ পাতি থাকে দেখি, এদিন মাধৱদেৱে ৰামণি ভৰালী আতৈক ভকতৰ হাটীলৈ পঠিয়াই দি কোৱালে যে ভকতসকলে দুজন দুজন হৈ যেন প্রীতিসুখত বহি কৃষ্ণ-কথা আলাপ কৰি থাকে, আন কথাত সময় নিনিয়ায়। সেই আদেশ শুনি ভকতসকলে সেই দিনৰপৰা তেনে কৰিবলৈ ধৰিলে। এদিন ভকতসকলে মাধৱদেৱক শুধিলে “বাপ, জীবন্মুক্ত ভক্ত আজি কালি আছে নে ?” মাধৱদেৱে উত্তৰ দিলে “তােমালােকৰ লগতে আছে”। এই বুলি তেওঁ শ্ৰীৰাম আতাৰ ফালে চালত শ্ৰীৰাম আতাই কাতুর্বাদ কৰি গুৰুক জনালে “বাপ, দুশ নিদিব।” এই কথা শুনি গুৰুজন নিৰ হৈ থাকিল।