শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ২২৩ মধুবাদাস মাধৱদেৱৰ পাশত কিছুদিন থকাৰ পিছত এদিন মাধৱদেৱে তেওঁক কলে “মথুদাস, তুমি বৰপেটালৈ উভতি যোৱ, পোবা ভেটিত আকৌ বস্তিব প্ৰকাশ কবগৈ।” মথুবাদাতে বিনীত ভাৱে কলে “বাপ, আপোনা পাশিত থাকিম বুলিহে অহা হৈছে। বৰপেটাত আৰু কি আছে যে এই দাস তালৈ উভতি যাব। আপুনি গুচি আহিল, তাত আৰু কোনে কি দিব যে বস্তি অলিব?” এই কথা শুনি মাধৱদেৱে যদুমণি আতৈক কলে “যদুমণি, তুমি ভাণ্ডাৰৰপৰা দুখনি বস্ত্ৰ আৰু দুটি টকা আনা।” যদুমণিয়ে টকা আৰু বস্ত্ৰ আনি তেওঁৰ আগত দিলত, মাধৱদেৱে বুঢ়া আতাক ওচৰ চাপি আহিবলৈ কলে। বুঢ়াআতাই ওচৰ চাপি আহি মাধৱদেৱক প্ৰণাম কৰিলত, মাধৱদেৱে পাঁচ বৰণীয়া মালা তেওঁৰ মূৰত দি আৰু দোপাতি কাপোৰ দি আশীৰ্বাদ কৰি কলে “মধুবাদাস, তোমাক আজিৰ পৰা বৰপেটা থানৰ অধিকাৰ পাতিলোঁ। এই দুটি টকা তোমাক মই কৰ দিলো; সকলো সেৱকে এই কথা শুনি তোমাক কৰ দিব। বৰপেটা থান মোৰ মথুৰানগৰ; তাৰ তোমাক মই যুবৰাজ পাতিলোঁ। মথুৰাদাস, তোমাক কওঁ-পওঁকুণ্ডবপৰা বৰ নদীলৈকে সীমা কৰি এই ঠাই- ডোখৰ এজন শ্ৰেষ্ঠপুৰুষৰ নিমিত্তে থলে। বৰনদীৰপৰা সোণকোহলৈকে এই ডোখৰ মাজৰ ৰাজ্য তোমাক দিলোঁ। সোণকোঁহৰপৰা কৰতোয়া নদীলৈকে এই ডোখৰ এই মই বুঢ়াগোটৰ নিমিত্তে ৰাখিলোঁ। এইদৰে এই তিনি ৰাজ্য বিভাগ কৰিলোঁ।” এই কথাৰ পিছত মাধৱদেৱে মথুৰা, দাস আতকি যোষা কীৰ্ত্তন কৰিবলৈ অজ্ঞা দিলত, মথুৱাদাসে ওঠৰ পানীৰে সৈতে যোষ কীৰ্তন কৰিলে। সেই কীৰ্ত্তনত বুঢ়া আতাই তিনটি নতুন ঘোষা যোগ দি গোৱা শুনি মাধৱদেৱে তেওঁক শুধিলে যে “এই তিনটি সুন্দৰ ঘোষা মই কৰা মনত নপৰে।” মথুৰাদাসে কলে “বাপ, এই তিনটি মোৰ ৰচনা। আপোনাক উদ্দেশ কৰি কৰা হৈছে। এতেকে বাপ, আপুনি প্ৰসন্ন হৈ দাসব প্ৰতি কৃপা কৰক।” ঘোষা তিনটি- ৰামচন্দ্ৰ স্বৰ্গে চলি গৈলা। অযযাধ্যা নগৰী শুন্য ভৈলা। মাধৱক দৰশন পাইলো। আনন্দ কৰি হৰি গুণ গাইলো॥ মাধৱ বান্ধৱ দেৱ হৰি। কৰা কৃপা দোষ ক্ষমা কৰি॥