পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২২ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ কবি বুঢ়া আতা তেওঁৰ ওঠৰজন পালীবে সৈতে ভেলাদুৱাৰৰ ফালে যাত্ৰা কৰি গল। বুঢ়া আতাৰ ভাৰ্য্যাই থানব পোৰা ঘটিব ছাই ধুলিবিলাক ভোটটিৰ ওপৰত গোটাই একেঠাই কবি তাৰ ওপৰত চৈ দি, তাতে বন্তি এগছ জুলাই, বুঢ়ীকতনীসকলেৰে সৈতে তিনি প্ৰসঙ্গ কবি থাকিবলৈ ধৰিলে। হাজাৰী-ঘোষা শাস্ত্ৰখন বৰপেটা থানত আছিল। বঙ্গিয়াল ঘটি পোৰা শুনি মাধৱদেৱে ভাবিলে যে তেওঁব ঘোষা শাস্ত্ৰখনিও পুবিলে। সেই নিমিত্তে তেওঁ আকৌ নতুনকৈ ঘোযাশাস্ত্ৰখনি কবিলে। সেইদেখি ঘোষা পুথিৰ কোনো কানো ঠাইত দুটি এটি যোব অলপ বিভিন্নতা দেখা যায়। মথুৰাদাস আতা তেওঁৰ ওঠৰ পালীৰে সৈতে বাটত হবি কীৰ্ত্তন কবি কবি যাবলৈ ধৰিলে। বাটত গাব লোকে তেওঁলোকৰ কীৰ্ত্তন শুনি পৰম তৃপিতি লভে। এইদৰে গৈ কিছুদিনৰ মূৰত তেওঁলোকে ভেলাদুৱাৰ পাই, টোৰোচা নদীত স্নান কৰি নৈৰ পাৰতে তিতা কাপোব শুকাই লৈ, হবিধ্বনি হৰিকীৰ্তন কৰি গুৰুজনৰ ধানৰ ফালে আহিবলৈ ধৰিলে। ভাটীবেলা প্ৰসঙ্গৰ অন্তত মাধৱদেৱে কথা-সুখত বহি আনন্দমনে কৃষ্ণ গুণ যশ শ্ৰৱণ কীৰ্তন কৰি আছে, এনেতে দুৰৈত সেই হবিকীৰ্ত্তনৰ বোল শুনি তেওঁ কলে “সেয়া ঢেকেবাৰ স্বৰ শুনিছে, কামৰূপৰপৰা মথুবাদাস আহিল নে কি? যদুমণি তুমি বেগেতে উঠি যোৱ। চোৱাগৈচোন।” এনেতে বুঢ়া আতাই তেওঁৰ ওঠৰ পালীৰে সৈতে আহি গুৰুজব চবণ বন্দনা কবিলে। মাধৱ- দেৱে লৰালৰিকৈ যদুমণি ভঁৰাল আতৈৰ হতুৱাই গুৱা পাণব ঠগি আই, বৰপেটা থানব সেৱকসকলৰ আৰু সখি নাৰায়ণ ঠাকুৰ আদি সকলো ভক্ত বাৰ্তা শুধিলে। বুঢ়া আতাই সকলোবে কুশল বাৰ্তা কৈ শেহত, বৰপেটা থানৰ বন্সিয়াল ঘব পুবি যোব বাৰ্তা কলত সকলল সেৱক বিমন হৈ পবিল। মাধৱদেৱে বুঢ়া আতাক শুধিলে, পানত বন্তিগছি অলি আছে নে? আতাই কলে ‘বাপ, ঘটি পোৰাব পিছত, শ্ৰীচৰণব দাসীয়ে ভোটিটিৰ ওপৰতে ছাইসোপা খোটাই তব ওপৰত চৈ দি তাতে বন্তি এগছ অলাই বুঢ়ীসকলেৰে সৈতে তিনি প্ৰসঙ্গ কৰি আছে।” এই কথা শুনি মাধৱদেৱে পৰম আনন্দিত হৈ মথুৰাদাস আতৰি স্ত্ৰীক প্ৰশংসা কৰিবলৈ ধৰিলে।