পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ঘোষা মাধৱদেৱে বিভাগ কৰি ৰচনা কৰি, তাৰ পিছত তাক কুলুপীয়া আৰু ধৰি-গোৱা এই দুটা ডাঙৰ ভাগ কৰিলে। এই কুলুপীয়া ঘোষা তেওঁ গ্ৰন্থগত নকৰি নিৰক্ষৰ কৰি ৰাখি ভকতসকলৰ হৃদয়ত স্থাপনা কৰিলে। প্ৰথমতে এইঘোষা মাধৱদেৱে জনাৰ্দ্দন নামে এজন ভকতৰ হৃদি আৰুকণ্ঠগত কৰালে। জনাৰ্দ্দনৰপৰ পিছত আন ভকতসকলে পালে।

 এদিন শ্ৰীৰাম আতাই কামৰূপলৈ আহিবলৈ মনস্থ কৰি গুৰুজনক জনালত, মাধৱদেৱে তেওঁক তিনি পখৰ ভিতৰতে উভতি আহিবলৈ কৈ বিদায় দিলে। তেওঁ কামৰূপলৈ আহি বৰপেটা, জনিয়া, আদি ঠাইত ভকতসকলেৰে সৈতে সাক্ষাৎ কৰি গুৰুজনৰ বাৰ্তা কৈ তাৰ পিছত ভৱানী- পুৰলৈ গৈ গোপাল আতাৰ পাশ পালেগৈ। গোপাল আতাই গুৰুজনৰ বাৰ্ত্তা পুছি শুনি পৰম সন্তোষ মনেৰে শ্ৰীৰাম আতাক আদৰ সমাদৰ কৰি ৰাখিলে। গোপাল আতাই দিনৌ দশম শাস্ত্ৰ পাঠ কৰি নানাপ্ৰকাৰে চৰ্চ্চি নানা ৰস নানা কথা-সুখ প্ৰকাশ কৰে, শ্ৰীৰাম আতাই বহি শুনি আনন্দ-ৰসত মগ্ন হৈ সকলো সাংসাৰিক কথা পাহৰি থাকে। এইদৰে থাকোঁতেই তেওঁৰ তাতে তিনি পথ হৈ গল। এদিন শ্ৰীৰামে ভাবিলে যে মই অকাৰ্য্য কৰিছোঁ, গুৰুৰ বাক্য অৱহেলা কৰা হৈছে; তিনি পখ মোৰ ইয়াতে গল। এই বুলি সেইদিনা কৰা চৰ্চ্চনৰ পিছত তেওঁ ভৱানীপুৰীয়া গোপাল আতাৰপৰা বিদায় লৈ লৰালৰিকৈ বেহাৰলৈ যাত্ৰা কৰি আহিল। তেওঁ ভেলাদুৱাৰ থান পাই মাধৱদেৱক সেৱা কৰিলত মাধৱদেৱে তেওঁলৈ পিঠি দিলে। শ্ৰীৰাম আতাই কাকুতি কৰি দোষৰ ক্ষমা প্ৰাৰ্থনা কৰি কলে “বাপ, ভৱানীপুৰতে মোৰ তিনি পথ গল। গোপাল আতাই দশম কথা চৰ্চ্চা কৰে আৰু মই আপোন-পাহৰি শুনি মুগ্ধ হৈ থাকোতে মোৰ এনে দশা হল। বাপ, গোপাল আতাই শাস্ত্ৰ ওলোটাই চচেৰ্চ।” এই কথা শুনি মাধৱদেৱে শ্ৰীৰাম আতাৰ প্ৰতি প্ৰসন্ন হৈ কলে “মই গোপালৰ কথা জানো। গোপালে কি কাম কৰিছে। অল্পমতি লোকে তাৰ প্ৰকৃত মৰ্ম্ম নুবুজি আবাটে যাব।” এই বুলি মাধৱদেৱ নিজম হৈ ৰল।

 এদিন হঠাৎ জুই লাগি বৰপেটা সত্ৰৰ সেই ৰঙ্গিয়াল ঘৰটি পুৰিলে। বুঢ়া আতাই এই দুৰ্ঘটনাত মহা বিষাদিত হৈ থিৰ কৰিলে, যে তেওঁ আৰু বৰপেটাত নাথাকে, গুৰুজন পাশলৈ গৈ ভেলাতে থাকিব। ইয়াকে থিৰ