পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শীৰদেৱ আৰু মাধৱদেৱ ২১৭ যায় তেন্তে বধ কৰোতাৰ গাত ব্ৰহ্মবধ পাতক নালাগিব নে?” ইয়াৰ পিছত ভকতসকলে তেওঁলোকৰ দোষৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলত, যদিও মাধৱদেৱ মনে মনে থাকিল কিন্তু সেই দিনা তেও মনত বৰ অসন্তোষ পালে। ইয়াৰ পিছত তেওঁ গৈ সাৱধানি ঘাট পাই নাও ৰখালত ভকতসকল বামলৈ উঠি গল। বৰবিষ্ণু আতাই গধুলি বেলিকা গুৰুজন অহা বাতৰি পাই আচৰিত হৈ সেৱকসকলেৰে সৈতে আহি গুৰুজনৰ পদত পৰি সেৱা কৰি, কি কথা কি বাৰ্তা শুধিলত, গুৰুজনে সকলো কথা কৈ তেওঁক সান্ত্বনা কৰি সেই ৰাতি তাতে থাকি পিছদিনা ভটীয়াই গৈ যোবাট পালেগৈ। ঘোৰাবাটত তেওঁ উঠি যাবলৈ ইচ্ছা কৰিলত বলাই নৰসিংহই তেওঁলৈ দোলা পঠিয়াই দিলে, সেই দোলাতে তেওঁ উঠি বলাই নৰসিংহহঁতৰ ঘৰলৈ আহোতে বাটতে দেখিলে, যে সিফালৰপৰা ৰ ৰজা আহিব লাগিছে। ৰজা অহা দেখি মাধৱদেৱে দুৰৰপৰা আঁতৰি ৰজাক এৰাই গুচি গল। সোণকোহ নৈ ৰঘুদেৱ আৰু লক্ষীনাৰায়ণ ৰজাৰ ৰাজ্যৰ সীমা। ৰজাৰ আজ্ঞ। ব্যতিৰেকে এই সীমা পাৰ হব নাপায়। সেই দেখি মাধৱদেৱ চিন্তিত হৈ আছিল; এনেতে ভৃগুগুৰু নামে এজন মাধৱদেৱৰ ভক্ত ব্ৰাহ্মণ অহি তেওঁৰ ওচৰত উপস্থিত হৈ তেওঁক অনেক সমাদৰ ভক্তি কৰিলত, মাধৱদেৱে ভৃগুক সেই মঙ্কিলৰ কথা কৈ কলে “তুমি কোনোমতে মোক সোণকেহ পাৰ কৰাই দিয়া।” নৈৰ বাটেৰে সৈতে ভৃগুৰ বস্তুত আছিল। সেই দেখি ভূগুৱে ঘাটোৱালক কলে যে “মোৰ বৃদ্ধ শহৰ এজন আহিছে। লগত পাঁচ জন লোক; তেওঁক কোনোমতে তুমি পাৰ কৰি দিব লাগে।” যাটৈয়ে কলে ৰাতি কোনেও নেদেখাকৈ তোমাৰ শহুৰক লৈ আহিবা, মই পাৰ কৰি দিম।” সেইদৰেই ৰাতি বাটৈয়ে মাধৱদেৱক সোণকোহ পাৰ কৰি দিলত, তেওঁ বেহাৰ ৰাজ্যত প্ৰবেশ কৰি যাবলৈ ধৰিলে। সাত সতৰীয়াই আগ বাঢ়ি গৈ মাধৱদেৱ আহিছে বুলি আইধাইক বাতৰি দিশত, অইখায়ে তেওঁক থাকিবৰ দিহা কৰি দিয়ালে। মাইডৰীয়া গোপালে অতি ভক্তি ভাৱ কৰি মাধৱদেৱক তেওঁৰ ঘৰত ৰাখিছিল। এদিন গোপালে কথায় কথায় মাধৱদেৱক কলে “বাপ, ৰাৰ আগত মই আপোনাৰ কথা কৈছে। আপুনি কেনে আচৰণ কৰে বুলি