মোৰ লগত যাবৰ মন কৰিছ নেকি?” ৰামচৰণে সেই কথাৰ উত্তৰ
নিদি কান্দিবলৈ ধৰিলত তেওঁ ৰামচৰণক কলে “বাপু, তোৰ পিতা বৃদ্ধ
তেওঁক এৰি এতিয়া তই মোৰ লগত যাব নেলাগে। তোৰ পিতৃক
সেৱা কৰি ঘৰতে থাক। তই এটা কাম কৰিবি,শ্ৰীশঙ্কৰ গুৰুৱে কীৰ্তন
যে কৰিলে, কিন্তু সি ছোৱা ছোৱা হৈ ঠায়ে ঠায়ে থাকিল। এতেকে
তই সলোবোৰ গোটাই একে ঠাই কৰি এবছৰৰ মুৰত মোৰ ওচৰলৈ লৈ যাবি।
মথুৰাদাস, তুমি বৰপেটা থানলৈ যোৱাঁ, তাত ভকতক প্ৰতিপাল কৰি
বন্তিগছি জ্বলাই থাকিবা। গোপাল, তুমিও সেৱকসকলক প্ৰতিপাল কৰি
থাকিবা।” এইদৰে মাধৱদেৱে সকলোকে মাতবোল লগাই নাও মেলি
যাবলৈ উদ্যোগ কৰিছে, এনেতে তেওঁৰ আলধৰ মনপুৰে আহি তেওঁক
তেওঁৰ গাৰ পৰ্হিকাপোৰখন খুজিলে। মাধৱদেৱে মনপুৰক কলে যে
তেওঁ বিদেশলৈ যায়, তেওঁৰ গাৰ পৰ্হিখন দিলে তেওঁৰ দুখ হব, এতেকে
মনপুৰক লাগে যদি আন এখন পৰ্হি দিব। মনপুৰে কিন্তু সেই পৰ্হিখনহে
নিবলৈ নেৰানেপেৰাকৈ ধৰিলত, তেওঁ মনপুৰক নিজৰ গাৰ পৰ্হিখন দি
কলে “মনপুৰে মোৰ গাৰ ছালখন নিহে এৰিলে।” আচৰিত কথা যে
মনপুৰে সিমানতো পৰ্হিখন আনি কান্ধত লৈ ঘৰলৈ আহোঁতে কোনোবাই
বাটতে তাৰ গাৰপৰা পৰ্হিখন লৈ গুচি গল, সি কবই নোৱাৰিলে।
ইয়াৰ পিছত মাধৱদেৱে ঠাকুৰ আতাক আলিঙ্গন কৰি, ৰামচৰণ আৰু
পৰমানন্দৰ মুৰ শুঙি তেওঁলোকক বিদায় দি নাও মেলি ভটীয়াই গল।
তেওঁ গধুলি বেলিকা খাগৰাকটা ঘাট পাই তাতে নাও ৰখাই থাকি ভোজন
কৰি, পিছদিনা দক্ষিণকুলৰ সোতাইদি গৈ আৰিমৰা ঘাট পালেগৈ।
আৰিমৰা ঘাটতে ভকতসকলে কিছুমান মাছ ধৰি নাৱৰ কাষলৈ অনা দেখি
মাধৱদেৱে ৰাগ প্ৰকাশ কৰি ভকতসকলক কলে “তোমালোকে বৈষ্ণৱ হৈ
এনে জীৱহিংসা কৰিলা কি বুলি?” ঈশ্বৰৰ অংশ জীৱক কি বুলি তোমা-
লোকে বধ কৰিলা।?” ভকতসকলে উত্তৰ দিলে এঠাইত পানী শুকাই
গৈছিল, মাছবোৰ তাতে কমাই আছিল, চৰাইবোৰে সিহঁতক ধৰি ধৰি
খাইছিল; বাকীবোৰ তাতে মৰিব দেখি আমি ধৰি লৈ আহিলোঁ।” এই
কথা শুনি মাধৱদেৱে তেওঁলোকক কলে “যদি ব্ৰাহ্মণ এজনৰ মৃত্যু সন্নিহিত
হয়, তেওঁৰ আৰু জীয়াই থাকিবৰ আশা নাই, মাত্ৰ কথাখিনি সময় দুখকেহে
পাইছে, পিছে তেনেকুৱা দেখি যদি সেই ব্ৰাহ্মণক বধ কৰি পেলোৱা
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ