২১৮ এশঙ্কৰদেৱ আৰু মাধৱদেৱ ৰজাই শুধিলত মই ৰজাক কলো,-তেখেতে মাছ মাংস তেল নাখায়, হবিষ্য কৰি একাহাৰে থাকে; ডাঢ়ি ফুলি নুখুৰায়।এজাই মোৰ কথা শুনি সন্তোষ প্ৰকাশ কৰি আপোনাক প্ৰশংসা কৰিলে। মাইডৰীয়া গোপালৰ মুখে এই কথা শুনি মাধৱদেৱে বৰ অসন্তোষ কৰি কলে “গোপাল, শ্ৰীশঙ্কৰ গুৰুৱে ব্ৰত ব্ৰহ্মচৰ্য আদি সকলো নিবাৰণ কৰি নামধৰ্ম প্ৰকাশ কৰিলে। তুমি যিবোৰ কথা কলা সেইবোৰ ভক্তি-ধৰ্মৰ বিৰোধী; এতেকে আৰু তোমাৰ ঘৰত মোৰ থকা নহয়।” এই বুলি তেওঁ তেতিয়াই তাৰপৰা যাবলৈ উঠিল। এনেতে ৰামৰম আতাই আহি তেওঁৰ ঘৰলৈ নিবলৈ, মাধৱদেৱক প্ৰাৰ্থনা কৰিলত, সেৱক সকলেৰে সৈতে মাধৱদেৱ, ৰাম ৰাম, আতাই নতুনকৈ প্ৰস্তুত কৰোৱা ঘৰ এটিত থাকিলগৈ। আইধায়ে যবভগীয়াক পঠিয়াই দি মাধৱদেৱক কোলে যে “যেতিয়া গুৰুজন দাসীক কৃপ কৰি এই ৰাজ্যলৈ আহিল, অনুমতি কৰিলে মই সৱ পাতি থাকিবলৈ ঘৰ সজাই দিয়াৰ পাৰে।” মাধৱদেৱে সেই প্ৰস্তাৱত তেওঁৰ সন্মতি দিয়া কৰা, বৰভগীয়াৰ মুখে শুনি পৰম আনন্দিত হৈ ৰজা লক্ষীনাৰায়ণক কলে “বাপু, তোমাৰ বৰ ভাগ্য যে মাধৱ নামে পৰম ভক্ত এজন তোমাৰ ৰাজ্যলৈ আহিছে। তেওঁক সত্ৰ কৰি থাকিবলৈ ঘৰ সজাই দিয়াৰ লাগে।” এই কথা শুনি ৰজাই কলে “আই, এই কলি কালত কোন ভক্ত আছে? ব্ৰহ্মা, মনুহৰ কপিল, কুমাৰ, শুক, ভীষ্ম, বলি ইত্যাদি বৰজন ভক্ত জাগৰ কালত আছিল; তেওঁলোকত বাজে আজিকালি কোন, ভক্ত আছে মোক দেখুৱা?” এই উত্তৰ শুনি আইয়ে মনত বিষাদ পাই একো নামাতি মনে মনে থাকিল। ইয়াৰ পিছত আইধাৰে মায মহীয় দিনে টোৰোচা নৈত প্ৰীতমান কৰি কঁপি কঁপি খোজ কাঢ়ি আহে দেখি ৰজাই তেওঁক কলে “আই, তুমি দোলাৰে স্নান কৰিবলৈ নোযোৱা কেলৈ? আজিৰপৰা দোলাৰে যাৰ।” আইয়ে উত্তৰ দিলে “দোলাৰে গৈ মই মানৰ পুণ্যৰ অৰ্থ ফল নাও।” আকৌ এদিন আইবাৰে সেইদৰে মাঘ মহীয়া জাৰত আন কৰি কঁপি কঁপি অহা দেখি লীনাৰায়ণ ৰজাই বেজাৰ কৰি, দোলাৰে তেওঁক যাবলৈ আহিবলৈ কলত, আইনে তেওঁক কলে “বাপু, যদি তোৰ মোলৈ ইমান মৰৰ লাগিছে, তেন্তে তুমি মোৰ এট ব :-তোমাৰ শৰ বুলি জগতে কৰ; তোমাৰ প্ৰসাত প্ৰজা খুখেৰে থাকে; এতে.তুমি মোৰ এইট