পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


আৰু আন আন ব্ৰাহ্মণ জনচেৰেকক লগত লৈ পৰামৰ্শ কৰি বিজয়পুৰলৈ গৈ ৰজা ৰঘুদেৱৰ আগত গোচৰ দিলেগৈ যে “মাধৱ নামেৰে শূদ্ৰ এজনে ধৰ্ম প্ৰচাৰৰ চেলু লৈ লোকৰ মাজত অনাচাৰ প্ৰচাৰ কৰিছে। মাধৱে বেদ নামানে, বেদৰ বিহিত সকলো কাৰ্য্যকে পৰিহাৰ কৰিছে, সোণ ৰূপেৰে ঘৰ এটা সজাই কপট আচাৰেৰে লোকক ভুলাবলৈ তাত যুৱতী নৰ্ত্তকী- সকলৰ হতুৱাই নাচ গান কৰায়। ইফালে নিজক তেওঁ উদাসীন বুলি প্ৰকাশ কৰে। তেওঁৰে সৈতে শাস্ত্ৰৰ বাদ কৰিবলৈ গলে, তেওঁ আচল কথাৰ উত্তৰ নিদি আন কথা কয়। এতেকে তেওঁক ধৰাই আনি এই কথাৰ বিচাৰ কৰাব লাগে।” এই কথা শুনি ৰঘুৰায়ে খং কৰি তেতিয়াই মাধৱক ধৰি নিবলৈ সুবানন্দ নামে বিষয়া এজনক পঠিয়ালে। সুবানন্দই ৰাজ আজ্ঞা শুনি খেল-নাৱেৰে গৈ বৰপেটাৰ ঘাটত নাও ৰখালে। তাতে সুবানন্দই ৰূপাবৰ লস্কৰক দেখা পাই কলে যে তেওঁ হাজোলৈ যাবলৈ আহিছে; বাটতে মাধৱদেৱৰে সৈতে এবাৰ দেখা কৰি যাব; এতেকে ভালেই হল, লস্কৰে দয়া কৰি মাধৱদেৱৰে সৈতে তেওঁৰ দেখা কৰাই দিলে বৰ অনুগ্ৰহৰ কাৰ্য্য হব। এই কপট বাক্য বিশ্বাস কৰি লস্কৰে, সুবানন্দই তেওঁৰে সৈতে দেখা কৰিবৰ নিমিত্তে আহিছে বুলি মাধৱদেৱক কলত, মাধৱদেৱে সুবানন্দক তেওঁৰ ওচৰলৈ আনিবলৈ কলে।

 এই খিনিতে কোৱা যাওক যে ৰঘুদেৱ ৰজা চিলাৰায়ৰ পুত্ৰ, আৰু লক্ষ্মীনাৰায়ণ ৰজা নৰনাৰায়ণৰ পুত্ৰ। চিলাৰায়ৰ মৃত্যুৰ পিছত নৰ- নাৰায়ণে তেওঁৰ ৰাজ্যখন সমানে দুভাগ কৰি পূৰ্ব্ব খণ্ড ৰঘুদেৱক দিলে, পশ্চিমৰ খণ্ড লক্ষীনাৰায়ণক দিলে। এইদেখি নৰনাৰায়ণৰ ৰাজ্যৰ কাম- ৰূপৰ ছোৱা ৰঘুদেৱৰ ভাগত পৰিল। এইবাবেই কামৰূপ বৰপেটানিবাসী মাধৱদেৱৰ ওপৰত ৰঘুদেৱৰ অধিকাৰ।

 সুবানন্দ বৰপেটাৰ নামঘৰত সোমালত মাধৱদেৱ তালৈকে আহিল। তেওঁ কপটভক্তি দেখুৱাই মাধৱদেৱক প্ৰণাম কৰি কলে যে “মোক ৰজাই হাজোলৈ পঠিয়াইছে, সেইদেখি আহি; বাটতে আপোনাক সাক্ষাৎ কৰিবলৈ বুলি সোমালোঁ। ভকতসকলক নাম লবলৈ কওক, তেওঁলোকে নাম প্ৰসঙ্গ কৰা চাবৰ মোৰ বৰ অভিলাষ হৈছে। এই কথা শুনি মাধৱ- দেৱে ভকতসকলক নামঘৰলৈ আহিবলৈ কলে। ভকতসকলে নামঘৰত