অষ্টাবিংশ অধ্যায়
ব্ৰাহ্মণৰ বিদ্বেষ আৰু ৰজাৰ হাতত মাধৱদেৱৰ বিপত্তি
বৰপেটা থানত থাকি মাধৱদেৱে এই দৰে ধৰ্ম প্ৰকাশ কৰি থাকোঁতে এদিন এটি ঘটনা ঘটিল যাৰ ফলত তেওঁৰ জীৱনৰ শেষ কাল ডোখৰত কিছু অশান্তি হল। অসুবাৰি ভটাচাৰ্য্য নামে এজন ব্ৰাহ্মণ পণ্ডিত আছিল। তেওঁৰ পুতেক এজনে শান্তিপুৰত শাস্ত্ৰ পঢ়ি বিদ্যাভিমানী হৈ ঘৰলৈ আহি, এদিন মাধৱদেৱৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল। মাধৱদেৱে তেওঁক সমাদৰ কৰি বহুৱাই আলাপ কৰিলত তেওঁ লাহে লাহে পাণ্ডিত্যৰ গৰ্ব্ব প্ৰকাশ কৰি মাধৱদেৱৰ সৈতে শাস্ত্ৰৰ তৰ্ক কৰিবলৈ ধৰিলে। ভটাচাৰ্য্যৰ পুতেকে কলে যে মনুষ্য জন্মত শিৱ, বহ্মা, দেৱ, দেৱী সকলোকে অৰ্চ্চিব লাগে। মাধৱদেৱে বেদান্তৰপৰা ব্ৰহ্ম নিৰুপণৰ শ্লোক উদ্ধাৰ কৰি তেওঁক বুজালে যে বহ্মা হৰকে প্ৰমুখ্য কৰি সকলো দেৱতা প্ৰকৃততে জাত হৈছে, আৰু প্ৰকৃতিতে আশ্ৰয় কৰি থাকে; মহাকল্পৰ অৱসানত তেওঁলোকৰ বিনাশ ঘটিব। পৰমব্ৰহ্মপুৰুষ নিত্য। মাধৱদেৱে ইত্যাদি প্ৰকাৰে নানা শাস্ত্ৰৰ মত উদ্ধাৰ কৰি ডেকা পণ্ডিতক মাতিব নোৱাৰা কৰিলত, তেওঁ লাজ পাই মাধৱদেৱৰ ওচৰৰপৰা উঠি ঘৰলৈ আহিল। অসুৰাৰিয়ে পুতেকৰ মুখৰপৰা এই বৃত্তান্ত শুনি, বুধি আলচি আহি মাধৱদেৱক মুখৰ সমাদৰ দেখুৱাই কলে যে “মই তোমাৰ ৰঙ্গিয়াল ঘৰ চাবলৈ আহিছোঁ শুনিছোঁ বোলে ঘৰটো বৰ ধুনীয়া হৈছে; আৰু তাত সুন্দৰ নাচ গান হয়। মোক কৃপা কৰি দেখুৱাব লাগে।
ব্ৰাহ্মণৰ প্ৰাৰ্থনা শুনি মাধৱদেৱে তেওঁৰ ৰঙ্গিয়াল ঘৰলৈ লৈ গৈ নটুৱা ভকতৰ লৰাৰ হতুৱাই ছালিনাচ, জুমুৰানাচ আদি দেখুৱালে। কোনো কোনো নটুৱাক গোপিনীৰ সাজ পিন্ধাই নৃত্য কৰোৱা হৈছিল। অসু- ৰাৰিয়ে নাচ গান শুনি সন্তোষ প্ৰকাশ কৰি, ঘৰলৈ উভতি আহি পুতেক