শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ২০৯ 66 সোমালতে, সুবানন্দই কীৰ্ত্তনঘৰৰ দুইখন দুৱাৰত শলখা মাৰি তেওঁলোক সকলোকে বন্দী কবি, মাধৱদেৱক কলে বজাৰ আজ্ঞা হৈছে, আপোক বান্ধি লৈ যাবলৈ; সেইদেখি আপুনি হাত দুটা একেঠাই কৰক।” এই আদেশ শুনি মাধৱদেৱে হাত দুটি মেলি একে ঠাই কৰিলতে, সুৰানন্দই গামোছৰে হাত দুখন বান্ধিবলৈ, তাৰ ওপৰত গামোছা এখন থৈ কলে এহেজাৰ টক। ওলগনি দিব লাগিব। এতিয়াই দিয়া।” মাধৱদেৱে উত্তৰ দিলে “আমি উদাসীন দুখীয়া মানুহ, আমাৰ হাতত এহেজাৰ টকা কৰপৰা ওলাব? লাগে যদি পিছত ভিক্ষা কৰি আনি দিম।” তথাপি সুবানন্দই নেৰি, এশ টক। অনাই লৈ হে মাধৱদেৱৰ হাতৰপৰা গামোছা গুচালে। সেই দিনালৈ সুৰানন্দই তাতে ভকতসকলক এৰি দি, পিছদিনা মাধৱদেৱক লগত লৈ বিজয়পুৰ পাই, ৰজাক “মাধৱক আনিছে। বুলি জলতে, ৰজাই বাখৰব ঘৰত মাধৱদেৱক থাকিবলৈ দিবলৈ আদেশ কৰিলত সুৰাই তেওঁক তাতে থৈ ঘৰলৈ গল। পিছত গাভব মাজিয়ে এই কথা শুনি, বাখৰ-ঘৰৰ ওচৰতে চৈব ঘব এটি সাজি তাতে মাধৱদেৱক থাকিবলৈ দিলে। মাধৱদেৱ তাতে এই দবে কিছুদিন আছে, ইতিমধ্যতে বলীয়া বাহ্মণ ভট্টাচাৰ্যসকলে তেওঁৰে সৈতে ৰাজসভাত ভালকৈ বাদ কৰিবলৈ শাস্ত্ৰবোব উৰাই-ঘৰাই পঢ়ি প্ৰস্তুত হৈ লৈছে। বহ্মিণসকলে এনে কৰা শুনি মাধৱ- দেৱৰ লগৰ ভকত যদুমণিয়ে মাধৱদেৱক কলে “বাপ, মই শুনিছে, সিফালে ব্ৰাহ্মণসকলে আপোনাৰ সৈতে বাদ কৰিবলৈ দিনে ৰাতিয়ে অনেক শাস্ত্ৰ লুটিয়াই-পুটিয়াই পঢ়িব লাগিছে; আৰু আপুনি শাস্ত্ৰ এখনবো পাত এটা নেমেলাকৈ নিশ্চিন্ত হৈ বহি আছে।” এই কথা শুনি মাধৱদেৱে যদুমণিক কলে “তুমি ইমান ভয় খাইছা কেলৈ? দ্বিজসকলে যিমান শাস্ত্ৰ মাতিব তেওঁলোকৰ শাস্ত্ৰৰেই তেওঁলোকৰ মুখ বন্ধ কৰিম।” ইয়াৰ দিনচেৰেকৰ পিছত -হ্মণসকলে আলচ কৰিলে যে “পৰ্বে নৰনাৰায়ণ ৰজাৰ সভাত মাধৱৰ গুৰু শঙ্কৰেৰে সৈতে ব্ৰাহ্মণসকলে বাদ কৰি বাদত হাৰিলত ৰজাই তেওঁলোকক ল, কৰি খেদিলে। এতিয়াও আমি বাদ কৰাৰ আগেয়ে মাধৱৰ বিদ্যাৰ জোখ কিমান বুজি লোৱা যাওক, এতেকে জনচেৰেক ওজা ছাতৰ মাধৱৰ ওচৰলৈ পঠিয়াই দিয়া যাওক,