ভকতসকলে দেখি ভয়ত কঁপিবলৈ ধৰিলে। লঙ্কৰে তেওঁৰ ঢালেৰে আৰু এটা চাট মাৰিব খোজা দেখি মাধৱদেৱে তেওঁক নিষেধ কৰিলে।
দক্ষিণকুলৰ সেৱকসকলৰ প্ৰাৰ্থনা মতে শঙ্কৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰক তেওঁৰ মাতৃয়ে দক্ষিণলৈ পঠিয়াই দিলে। সেৱকসকলে ঠাকুৰক নানা দ্ৰব্য বস্তু দি সেৱা কৰিলে। কিন্তু তাত প্ৰচাৰিত ধৰ্ম্মক তেওঁলোকে মাধৱ- দেৱৰ ধৰ্ম্ম বুলি কলত, ঠাকুৰে সেই ধৰ্ম্ম শঙ্কৰদেৱৰ হে বুলি তেওঁলোকক কলে। প্ৰজাসকলে সেই কথা মানিব নোখোজাত, ঠাকুৰে মনত বেজাৰ পাই, তেওঁক দিয়া সেই দ্ৰব্য বস্তুবোৰ নানি এৰি তাতে থৈ গুচি আহিল। এই কথা মাধৱদেৱে শুনি হৰিচৰণ ঠাকুৰক মতাই আনি প্ৰশংসা কৰি কলে ‘ধন্য মোৰ গুৰু শঙ্কৰদেৱৰ পুত্ৰ তুমি, তুমি অতি সাধু কাৰ্য্য কৰিলা। শঙ্কৰ হে ধৰ্ম্মৰ গুৰু। শঙ্কৰৰ ধৰ্ম্ম বিনে আৰু কাৰো ধৰ্ম্ম নাই।” এই দৰে কৈ তেওঁ হৰিচৰণ ঠাকুৰৰ লগত অনেক দ্ৰব্য বস্তু দি পঠিয়াই দিলে।
⸻⸺