ৰজাৰ হাতত অপদস্থ হৈ পলাল, এতিয়া অজ্ঞ গণক এজনে সেই মত
খণ্ডাবলৈ ওলাইছেহি।” এই বুলি তেওঁ তাৰপৰা উঠি গুচি আহিবলৈ
উঠিলত, সকলো প্ৰজাই অনেক কাকুতি মিনতি কৰিলত তেওঁ থাকিল।
কিছুদিনৰ মূৰত তেওঁ তাৰপৰা উভতি আহোঁতে বাটত জাবৰি কোচৰ
ঘৰত গধুলি ৰল। পাঠ কৰিবলৈ কোনো পুথি আছে নে নাই, তেওঁ
বিচৰালত মুৰাৰি নামে কোচ এজনে এখন ৰত্নাৱলী পুথি আনি দিলত,
ৰামচৰণৰ হতুৱাই মাধৱদেৱে পাঠ কৰাবলৈ ধৰিলে। কিন্তু পুথিখনত
বিস্তৰ অশুদ্ধ থকাৰ নিমিত্তে সেইখন কোনে লেখিছিল বুলি মাধৱদেৱে
শোধাত মুৰাৰিয়ে লেখিছিল বুলি কলে। তেওঁ মুৰাৰিৰ ওপৰত বৰ ক্ৰোধ
প্ৰকাশ কৰি কলে ‘ক-কাৰ নাজানি ৰত্নাৱলী লেখ?” এই প্ৰচলিত
প্ৰবচনৰ এয়েই উৎপত্তি। সেই বচনৰ আজিকালিৰ গঢ়-“ক বুলিব
নাজানে ৰত্নাৱলী পঢ়ে।”
দক্ষিণ-কুলত মালাচা নামে ঠাইত বৰবিষ্ণু আতা থাকে। তেওঁ এদিন মাধৱদেৱৰ ওচৰলৈ আহি জনালে যে “দক্ষিণৰ সকলো লোকে মোক হে ধৰ্ম্মৰ গৰাকী গুৰু বুলি জানে, আপোনাক নাজানে, আৰু আপোনাৰ কথা কলেও তালৈ কাণ নকৰে। এতেকে এবাৰ আমাৰ তালৈ কৃপা কৰি যাব লাগে।” এই কথা শুনি মাধৱদেৱে বৰবিষ্ণু আতাক কলে “তুমি আগেয়ে যোৱা, গৈ তাত নৃসিংহযাত্ৰা ভাৱনা কৰিবৰ সকলো উদ্যোগ কৰি মোক খবৰ দিলে মই যাম।” এই আজ্ঞা শুনি বৰবিষ্ণু আতাই গৈ লোকসকলক গুৰুজনৰ আজ্ঞা শুনাই সকলো আয়োজন কৰিবলৈ কলতে ৰায়তসকলে একো নকৰে। এই কথা বৰবিষ্ণু আতাই আকৌ আহি মাধৱদেৱক কলত, মাধৱদেৱে নাৰায়ণ ঠাকুৰক বৰবিষ্ণু আতাৰ লগত পঠিয়াই দিলে। বৰবিষ্ণু আতাৰ হতুৱাই খবৰ দিয়াই লোকসকলক ঠাকুৰ আতাই মতাই অনাই সিহঁতৰ আগতে সকলোকে দেখুৱাই বৰবিষ্ণু আতাক গৰ্জিবলৈ ধৰিলে “তুমি কেনে মানুহ হে? তুমি গুৰুৰ আজ্ঞা অৱহেলা কৰিলা আজিলৈকে যাত্ৰাৰ কোনো কাৰ্য্য কৰা নাই।এই দৰে বুধি কৰি ঠাকুৰ আতাই বৰবিষ্ণু আতাক ডাবি দিলত, ৰায়তসকলে তেতিয়া বুজিলে যে বৰবিষ্ণু আতাৰ ওপৰতো এজন ডাঙৰ গুৰু আছে। তেতিয়া সিহঁতে ভয় খাই লৰালৰিকৈ ৰভাঘৰ আদি সকলোবোৰ আয়োজন কৰিবলৈ