শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ ২০১ মাধৱদেৱৰ গুণ যশ আৰু সৰহকৈ শুনি তেওঁ মাধৱদেৱৰ পাশলৈ তেওঁক লৈ যাবলৈ বৰবিষ্ণু আতাক ধৰিলে। বৰবি আতাই কেশৱচৰণক পিছদিনা লগত লৈ মাধৱদেৱৰ ওচৰ পালেগৈ। সেইদিনা মহা ৰুষ তিথি। কীৰ্তন ঘৰত মাধৱদেৱ বহি আছে, এনেতে কেশৱচৰণ আতাৰে সৈতে ববি আতা গৈ তাতে উপস্থিত হল, আৰু কেশৱচৰণে ঠগি এখনি আগবঢ়াই গুৰুজব আগত থৈ প্ৰণাম কৰিলে। মাধৱদেৱে “এও কোন বুলি বববিষ্ণ, আতাক শুধিলত বৰবিষ্ণুৱে তেওঁৰ বিষয়ে সকলো বৃত্তান্ত কলত, মাধৱদেৱে তেওঁক থাকিবলৈ বহাঘৰ দিয়াই ৰাখি, পিছত শৰণ লগালে। কেৱচবণে ধৰ্ম্মক ধৰি মহা ৰংমনেৰে গুৰুজনক সেৱা-শুশ্ৰুষা কৰি থাকিবলৈ ধৰিলে। কেশৱচবণ আতাক ভাটকুচি আতাও বোলে। বৰপেটা সত্ৰৰ কীৰ্ত্তন-ঘৰত প্ৰসঙ্গৰ সময়ত দিনৌ এটি সৰ্পই এচুকত থাকি কীৰ্ত্তন শুনেহি দেখি এদিন মাধৱদেৱে ভকতৰ হতুৱাই তালৈ এটি আধাৰি পকাই দিয়ায়ে। সাপটোৱে তেতিয়াৰপৰা সেই আধাৰি- টোতে পকাই বহি প্ৰসঙ্গ শুনি থাকি প্ৰসঙ্গৰ অন্ত পৰিলে গুচি যায়। এদিন বালকদাস আৰু চতুৰ্ভুজ এই দুজন ভক্তই প্ৰসঙ্গলৈ থানলৈ আহোঁতে দেখিলে যে তেওঁলোকৰ পিছে পিছে সাপ এটা লৰি আহিছে। তেওঁলোকক সাপটোৱে খুটিবলৈহে সেইদৰে আহিছে বুলি তেওঁলোকে ভাবি চপৰা দলি এটা সাপটোৰ মূৰত মাৰি তাক মাৰি পেলালে। সেইদিনা প্ৰসঙ্গত সাপটি মাধৱদেৱে নেদেখি, প্ৰসঙ্গৰ অন্তত ভক্তসকলক শুধিলে “আজি কিয় সৰ্পভক্তটি প্ৰসঙ্গত উপস্থিত নাই?” এই কথা শুনি বালকদালে গুঞ্জনব অগিত সেই বৃত্তান্ত কৈ, অজ্ঞানত অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কবিলত, মাধৱদেৱে ভকত পঠিয়াই দি, মৰা সাপটো অনাই নিৰ্মালি বস্ত্ৰ দি পেতাই থোৱালে। ববক্ষেব্ৰি বিলাতিব লোকসকলে মাধৱদেৱক তেওঁলোকৰ তালৈ গৈ তেওঁলোকক ধৰ্মোপদেশ দিবলৈ বৰকৈ প্ৰাৰ্থনা কবিত, মাধৱদেৱে তালৈ গৈ অনেক লোকক ধৰ্ম্মক ধৰালে। এদিন তাতে বিদ্যাধব নামে গণক এজনে মাধৱদেৱৰ ওচৰলৈ আহি প্ৰকাশিত ধৰ্ম্মব বিপক্ষে কিছুমান কথা কলত, মাধৱদেৱে খং কবি সেইজনক কলে ‘নবনবায়ণ ৰজাব সভাত হেজাৰ হেজাৰ বিদগ্ধ পণ্ডিত বাহ্মণে শঙ্কৰদেৱৰ ধৰ্মমত খণ্ডন কৰিব নোৱাৰি