শ্ৰীশৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১৮৭ বাৰী সাজি কৃষি কৰি আছে॥ এতিয়া তোমাৰ বাৰ্তা শুনি লৰালৰিকৈ আহিলোঁ।” মাধৱদেৱে আনন্দিত মনেৰে মাজী থাকিবলৈ ঠাই নিৰুপণ কৰি দিলত, মাজীয়ে মাধৱদেৱৰ ওচৰতে কিছু দিন থাকি প্ৰাৰ্থনা কৰি ধৰ্ষক ধৰিলে। ইয়াৰ পিছত ঘাগৰী মাজীক মাধৱদেৱে মাগুৰীলৈ পঠিয়াই দিলত, মাগুৰীত তেওঁ কিছু দিন থাকি আকৌ গুৰুজনৰ পাশ পালেহি। গুৰুজনে মাজীক কিয় আহিলা বুলি শুধিলত মাজীয়ে কলে “মাগুৰীৰ কোনোৱে, মই উজনি অসমৰ মানুহ, মোৰ জ্ঞাতি কুটুম, কুল, গোত্ৰ নাজানে বুলি মোৰে সৈতে খোৱা-লোৱা নকৰে, আৰু মোক ঘিণায়। এতেকে তাত মই এই দৰে অকলশৰীয়া হৈ কেনেকৈ থাকো।” এই কথা শুনি গুৰুজনে তেওঁক কলে “তুমি যোৱ, আমি অলপতে তোমাৰ ঘৰলৈ যাম।” ইয়াৰ পিছত মাধৱদেৱ ভক্তসকলেৰে সৈতে বাগৰী মাজীৰ ঘৰত উপস্থিত হল গৈ। মাজীয়ে তেওঁলোকক ভক্তি কৰি আগ বঢ়াই লৈ যোৱাৰ পিছত গুৰুজনে তেওঁৰ ঘৰত থাকি আনন্দ কৰি ভোজন কৰি, তাৰ পিছ দিনা গাৱৰ লোকসকলক মতাই আনি মাজীৰ আগগুৰি সকলো বৃত্তান্ত তেওঁলোকক কৈ মাজীৰ ভাৰ্যাৰ হতুৱাই অন্ন-ব্যঞ্জন বন্ধোৱাই সেৱকসকলক ভোজন কৰিবলৈ আদেশ কৰিলত, সেৱকসকলে গুৰুৰ আজ্ঞা পালি সৰোষ মনেৰে ভোজন কৰিলে। ভোজনৰ আগেয়ে ঠাকুৰ আতাই মাজীৰ ঘৰত জাল আৰু খাপৰ দেখি গুৰুজনক কলে, ‘সখি, এওঁৰ ঘৰত আমি কেনেকৈ ভোজন কৰিম, এওঁ ব্যাধৰ কাম কৰে।” এই কথা শুনি মাজীমে গুৰু- জনক জনালে “বাপ, ঘৰৰ চাৰিউফালে অটব্য অৰণ্য; সেইদেখি বাঘৰ ভয়ত গোহালিত জাল এখন দি থৈছে। বাঘ ভালুকৰ ভয়ত, জাঠি এডাল নহলে পথত চলিব নোৱাৰো, জাঠিডাল দেখি বনৰীয়া জত পলাই যায়, সেই দেখি তাক ৰাখিছে; মই ব্যাধৰ কাম কৰিবলৈ সেইবোৰ ৰখা নাই।” এই কথা শুনি মাধৱদেৱে সন্তোষ পাই, একে দোষ নাই বুলি কৈ সেৱকসকলক নিঃশঙ্কচিত্তে অন্ন ভুঞ্জিবলৈ আজ্ঞা দিলে। ইয়াৰ পিছত মথুৰাদাস আতাক গুৰুজনে ঘাগৰীমাজীৰ জ্ঞাতি কৰি দিলে। গাৱৰ লোকসকলোকে মাধৱদেৱে “বাগৰীমাজী মোৰ বন্ধুজন, তোমালোকে সন্দেহ নকৰি তেওঁৰে সৈতে খোৱা লোৱা কৰা” বুলি কলত, সেই দিনাৰপৰা গাৱৰ লোকসকলে ঘাগীজীৰে সৈতে খোৱালোৱা কৰিবলৈ ধৰিলে।