ফুৰায়। এই কথা এদিন মাধৱদেৱে শুনি ৰামচৰণক তেনে কৰিবলৈ
নিষেধ কৰিলত, সেই দিনাৰপৰা আৰু ৰামচৰণে তেনে দুষ্টালি কৰিবলৈ
এৰিলে। মাধৱদেৱে তেওঁক শৰণ লগাই উপদেশ দি শিকোৱা বুজোৱাৰ
দিনৰেপৰা ৰামচৰণে হাস্য উপহাস কৰা স্বভাৱ এৰি ধীৰ দ আৰু সুনিৰ্ম্মল
চৰিত্ৰৰ হল।
নাৰায়ণ নিৰঞ্জন নামে দুজন বৰ সাত্ত্বিক চৰিত্ৰৰ সাধু ভকত আছিল। তেওঁলোকে এদিন আন আন ভকতসকলেৰে সৈতে হাবিত খৰি লুৰিবলৈ গৈ দেখিলে, দীঘল দীঘল তৃণবোৰ বতাহত হালিজালি আছে। তেওঁলোকে দুজনে সদায় ব্ৰহ্মজ্ঞানত মজি থাকি জগতক ব্ৰহ্মময় দেখি থাকে। বনবোৰ সেই দৰে বতাহত হালিজালি থকা দেখি তেওঁলোকে ভাবিলে, সেইসকল ঈশ্বৰৰ পৰম ভক্ত, হালি-জালি সেইসকলে ঈশ্বৰৰ নাম গাই আছে। সেই ভাবতে তেওঁলোকে দুয়ো অনুপ্ৰাণিত হৈ তাতে বহি নাম গাবলৈ ধৰিলে। ৰাত্ৰি হ’ল, লগৰ আনবোৰ লোকে তেওঁলোকলৈ সিমান দৃষ্টি নকৰি খৰি লুৰি ঘৰলৈ গল, কিন্তু তেওঁলোক বাহ্যজ্ঞান শূন্য হৈ প্ৰেমানন্দ ৰসত মজি সেই ভাবেই হাবিত বহি ৰল। মাধৱদেৱে পুৱা তেওঁলোকক নেদেখি তেওঁলোকৰ কথা খৰি লুৰিবলৈ যোৱা ভকতসকলক শুধি তেতিয়াই তেওঁ- লোকক বিচাৰিবলৈ হাবিলৈ ভকত পঠিয়াই দিলত, ভকতে গৈ দেখিলে নাৰায়ণ নিৰঞ্জন বাহ্যজ্ঞান শূন্য হৈ ব্ৰহ্ম সমাধিত বহি আছে। তেনে দেখি ভকতে সঁহাৰি দিলত তেওঁলোকে বাহ্যজ্ঞান লভি উঠি থানলৈ আহি মাধৱ- দেৱৰ চৰণত পৰি সেৱা কৰিলে।
ৰামচৰণক মোমায়েকে লগত ৰখা দেখি বাপেক মাক ৰামদাস আৰু উৰ্বশী দুয়ো শুসুৰীৰপৰা উঠি আহি আকৌ সুন্দৰী দিয়াত থাকিলহি।
মাধৱদেৱৰ তাৱৈয়েক ঘাগৰী-মাজীয়ে উজনিৰপৰা মাধৱদেৱক বিচাৰি আহি মাগুৰী পালেহি। মাধৱদেৱৰ কোনো বাৰ্ত্তা নাপাই তেওঁ তাতে ঘৰবাৰী সাজি বাস কৰিলে। মাগুৰীৰ মানুহৰ মুখে মাধৱদেৱে এই বাতৰি পাই মাজীক মতাই পঠিয়ালত মাজী আনন্দিত হৈ লৰালৰিকৈ মাধৱদেৱৰ পাশত উপস্থিত হলহি- মাধৱদেৱে ঘাগৰৰ খৰৰবাতৰি তেওঁক শুধিলত তেওঁ কলে, “ঘাগৰত নানা উপদ্ৰৱ হোৱা দেখি তাৰপৰা ভতিয়াই তোমাক বিচাৰি আহি, কোনো ভূ-বতৰা নাপাই, শেহত মাগুৰীতে ৰৈ তাতে ঘৰ-