পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ এশৰদেৱ আৰু মাধৱদেৱ মাধৱদেৱ আগৰী মাজীৰ ঘৰত এইদৰে এমাহ আছে; শঙ্কৰদেৱৰ পীৰে মাধৱদেৱৰ বাৰ্তা লবলৈ হৰিচৰণ ঠাকুক পঠিয়াই দিলে। তাতে হৰিচৰণে মাধৱদেৱক লগ ধৰিলত, মাধৱদেৱে তেওঁক আদৰসাদৰ কৰি তেওঁৰ হাতত গুৰুপত্নীলৈ দ্ৰব্য বস্তু দি পঠিয়াই সুন্দৰীলৈ উভতি আহিল। এদিন মাধৱদেৱে ভৱানীপুৰীয়া গোপাল আতাৰ নিমন্ত্ৰণত তেওঁৰ অলৈ যাওঁতে বাটত দেখিলে যে হৰিণ এটা ফালত পৰি চটফট কৰি আছে। তেওঁ হৰিণটোৰ কিমান বেচ হব পাৰে শোষাই জানি তাৰ মূল্য ধলি এটা ফালৰ ওচৰতে গৰাকীলৈ থৈ হৰিণটো মেলাই দিলত হৰিণটো বনলৈ গুচি গ'ল। পিছত ফালোৱালে হৰিণটো নেদেখি অথচ তাৰ উচিত মূল্য তাত থোৱা পাই আশ্চৰ্য হৈ অনুসন্ধান কৰি ঘটনাটো জানি কৃতাৰ্থ হৈ মাধৱদেৱৰ ওচৰলৈ আহি তেওঁক মহৎলোক জানি সেৱা কৰি তেওঁৰ ওচৰত ধৰ্মোপদেশ প্ৰাৰ্থনা কৰি শৰণ লৈ সেই দিনৰপৰা বাধৰ ব্যৱসায় পৰিত্যাগ কৰিলে। শ্ৰীৰাম আতা বৰ সাধু শুদ্ধসত্ব দয়ালু পৰোপকাৰী ভক্ত সেৱক। এদিন মাঘ মহীয়া ঠাকুৰ আত৷ মাধৱদেৱৰ পাণলৈ আহোঁতে বনৰ আগত থকা নিয়ৰৰ পানীত তেওঁৰ চুৰিয়া তিতি অহা শ্ৰীৰামে দেখি তেতিয়াই বাটৰ নবোৰ কাটি বাটাট পৰিষ্কাৰ কৰিলে। এদিন বৰ বৰষুণ হৈছিল। শ্ৰীৰাম আতাই বৰবিলত স্নান কৰিবলৈ গৈ দেখিলে, জানৰ পানী ভাগি আহি বৰ-বিলত পৰিছে, আৰু অসংখ্য কাৱৈ মাছৰ উজান উঠি কাৱৈমাছবোৰ চাৰিউফালে বগাই ফুৰিছে, আৰু কাউৰী বগলী আদি চৰাইবোৰে মাছবোৰ ধৰি ধৰি খাইছে। এনে হোৱা দেখি শ্ৰীৰামে মনত বৰ কষ্ট পাই মাছবোৰ ধৰি চুৰিয়াৰ কোচত ভৰাই একোচ একোচকৈ আনি বৰ-বিলত মেলি দিবলৈ ধৰিলে। কিন্তু তেওঁ যিমান মেলে, আকৌ সিমানবোৰে পানীৰপৰা উঠি বামত বগাই ফুৰে। বাৰে বাৰে তেওঁ এনে কৰি থাকোতে বেলি পৰ হল, আৰু ইফালে প্ৰসঙ্গ সময়ত উপস্থিত হব নোৱাৰিলে। দুপৰীয়া বৰষুণ এৰিলত মাছেও উজাবলৈ এৰিলে; তেতিয়া শ্ৰীৰামে স্নান কৰি আহি গুৰুজনৰ আগত ওলালত, মাধৱদেৱে তেওঁৰ পম হোৱাৰ কাৰণ শুধিলত তেওঁ সেই কথাৰ বিষয়ে কৈ কলে “বাপ, জীৱৰ বিলাই-বিপত্তি দেখি অসহ্য হৈছিল। নিৰ্বোধ