পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ


গুৰুজনক শোধ-পোছ কৰি বিদায় দি আগবঢ়াই থবলৈ লগতে নাৱত আহি ছিল। ঈশ্বৰৰ ইচছাত বাটত মেঘাড়ম্বৰ হোৱা দেখি ভৱানীপুৰীয়া গোপাল আতাই মেষক সম্বোধন কৰি কলে “হে মেঘ দেৱতা, তুমি বৰষুণ নিদিবা।” এই কথা শুনি মাধৱদেৱে বিৰক্ত হৈ গোপাল আতাক কলে “গোপাল, তুমি মেঘক এইদৰে কিয় বুলিলা? যাৰ ভয়ত চন্দ্ৰ, সূৰ্য্য পৱন সঞ্চাৰিত হয়, মেষৰ কি শক্তি আছে, যে তাৰ আজ্ঞা লঙ্ঘিব পাৰে? দেৱৰ মধ্যত শ্ৰেষ্ঠ দৈৱকী তনয়। আন কোন দেৱতা তেওঁতকৈ বৰ আছে?এতেকে তোমাৰে সৈতে মোৰ যোৱা উচিত নহয়, তুমি নাৱৰপৰা নামা। তুমি নানামিলে অৱশ্যে ময়েই নাৱৰপৰা নামিব লাগিব।” এই কথা শুনি গোপাল আতাই “গুৰুবাক্য মই নিশ্চয় মানিম” এই বুলি নাও পাৰলৈ চপাবলৈ অপেক্ষা নকৰিয়েই কালজাৰ নদীৰ মাজতে নামি গল। চৰিত্ৰত আছে, নৈৰ পানী অগাঢ় দ আছিল, কিন্তু গোপাল নমা ঠাইত সেই পানী তেওঁৰ একাঠু মাথোন হল। মাধৱদেৱে এপাক উজাই গৈ শ্ৰীৰাম আতাক পঠিয়াই দি শোধালে “শ্ৰীৰাম, তুমি গোপালক শোধাগৈ, তেওঁ কেনে আছে? শ্ৰীৰামে আহি গোপাল আতাক সুধিলে-“গুৰুজনে মোক পঠিয়াই দিলে তোমাক শুধিবলৈ, তুমি কেনে আছা? জীয়াই নে মৰি?” গোপালে নৈৰ মাজৰপৰা উত্তৰ দিলে সুখে আছোঁ। জীয়াই আছোঁ। মৰিম কিয়?” এই কথা শ্ৰীৰামে মাধৱদেৱক কলত, মাধৱদেৱে নামাতি থাকি আৰু এপাক গৈ আকৌ শ্ৰীৰামক পঠিয়াই দিলে, “শ্ৰীৰাম যোৱা, আকৌ গোপালক শোধাগৈ তেওঁ কেনে আছে?” শীৰামে আকৌ গৈ সেই কথা গোপালক শুধিলত, গোপালে গৰ্ব কৰি কলে “গুৰুৱে এৰিলে বুলি মই মৰি যোৱা নাই। মাধৱদেৱে বঠাৰ পাতেৰেহে নাও বায়, মই বঠাৰ নালে- পাতেৰে বাম বুলি তেওঁক কোৱাগৈ।” এই গৰ্ববাণী শুনি মাধৱদেৱে গোপালৰ জগৰ ধৰি গুচি গল। চৰিত্ৰত আছে, যে গোপাল আতাৰ প্ৰভাৱত তেতিয়াই নৈত বালি পৰি তেওঁলৈ বাট কৰি দিলত তেওঁ পাৰত উঠিলহি। নৈৰ পাৰত বাস কৰি থকা অসংখ্যাত নদীয়াল আৰু আন লোকে তেওঁক আদৰ কৰি লৈ গৈ সেৱা সৎকাৰ কৰিলে।

 ইয়াৰ কিছুমান দিনৰ পিছত গোপাল আতাই মনত বিমৰিষ কৰি চাই বুজিলে যে তেওঁ গুৰুজনৰে সৈতে তেনে ব্যৱহাৰ কৰাটো ভাল হোৱা নাছিল; এতেকে তেওঁ গুৰুজনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি জগৰ ভঙ্গাই