পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ষষ্ঠবিংশ অধ্যায়

মাধৱদেৱৰ ভক্তসকল


 এদিন ৰামদাস ভূঞাই পুতেক ৰামচৰণক কলে, যে “ছ বছৰ হল, তুমি তোমাৰ মোমায়েৰাক দেখা নাই, এতেকে এবাৰ তেওঁৰ ওচৰলৈ যোৱা।” মাকে ৰামচৰণক কলে, “আগেয়ে তোমাৰ ভনীয়েৰাৰ ওচৰলৈ গৈ ভনী- য়েৰাৰ সুখ-দুখৰ বুজবাজ লৈ তাৰ পিছত মোমায়েৰাৰ ওচৰলৈ যাবা।” এই বাক্য শুনি ৰামচৰণে প্ৰথমতে পাটবাউসীলৈ আহি ভনীয়েকৰ বুজ ললে। শঙ্কৰদেৱৰ পত্নীয়ে পুতেক হৰিচৰণক কলে “ভালেমান দিন হল, মাধৱ অহা নাই, এতেকে তুমিও ৰামচৰণেৰে সৈতে সুন্দৰীদিয়ালৈ গৈ তেওঁৰ বুজবাজ লোৱাগৈ।” এই কথা শুনি ৰামচৰণেৰে সৈতে হৰিচৰণ ঠাকুৰও মাধৱদেৱৰ ওচৰলৈ গল। গলয়াৰ মুখ নামে ঠাইত মাধৱদেৱৰে সৈতে তেওঁলোকৰ দেখা হল। ছ বছৰ মাধৱদেৱে ভাগিনিয়ে ৰামচৰণক দেখা নাছিল; ইয়াৰ ভিতৰতে ৰামচৰণ ভালেমান ডাঙৰ হৈছিল; সেইদেখি মোমায়েকে ৰামচৰণক চিনিব নোৱাৰি হৰিচৰণ ঠাকুৰক শুধিলে “তোমাৰ লগত এইটি কোন আহিছে? আৰু আই কেনে আছে?” হৰিচৰণে কলে “এইটি তোমাৰ ভাগিন ৰামচৰণ। আই ভালে আছে; তেওঁ মোক তোমাৰ বুজ লবলৈ ৰামচৰণেৰে সৈতেই পঠিয়াই দিলে।” এই কথা শুনি মাধৱদেৱে আনন্দিত হৈ তেওঁলোকক সমাদৰ কৰি ৰাখি গুৰুপত্নীলৈ দ্ৰব্যবন্তু অনেক দি হৰিচৰণ ঠাকুৰক পঠিয়াই দিলে, আৰু ৰামচৰণক লগতে ৰাখিলে।  এদিন ভৱানীপুৰীয়া গোপাল আতাই মাধৱদেৱৰ ওচৰলৈ আহি তেওঁৰ তাত হৰিকীৰ্তন কৰিবলৈ নিমন্ত্ৰণ কৰি প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে সন্তোষ মনেৰে ভকতসকলেৰে সৈতে ভৱানীপুৰলৈ গৈ হৰিকীৰ্ত্তন মহোৎসৱ সমাপন কৰিলে। গোপাল আতাই যৎপৰোনান্তি সেৱা ভক্তি কৰি টকা বস্ত্ৰ দি