Sb6 শ্ৰীশৰদেৱ আৰু শ্ৰীমাধৱদেৱ লাগিব; উচিত। ইয়াকে ভাবি তেওঁ পৰোপকাৰী নাৰায়ণ ঠাকুৰক ধৰিলে, বেন নাৰায়ণ আতাই মাধৱদেৱক প্ৰাৰ্থনা কৰি তেওঁৰ জগৰটো ভঙাই দিয়ে। নাৰায়ণ ঠাকুৰে গোপালক কলে, “তুমি জগৰ লগোৱা বাবে দণ্ড দিব সেইদেখি এশ টকা দণ্ড লৈ মোৰে সৈতে গুৰুজনক ওচৰলৈ আহা। এই কথা শুনি গোপাল আতাই এশ টকা ৰূপ, এখন ভাৰ লৈ ঠাকুৰ আতাৰে সৈতে সুন্দৰীলৈ গল। ঠাকুৰ আতাই গোপালক, বাহিৰতে থৈ ভিতৰলৈ গৈ নানা কাতুৰ্ব্বাদ কৰি গোপালক ক্ষমা কৰিবলৈ মাধৱদেৱক প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে সন্তুষ্ট হৈ গোপালক ভিতৰলৈ আনিবলৈ কলত ঠাকু আতাই তেওঁক ভিতৰলৈ আনিলে। গোপালে দণ্ডৱতে পৰি গুৰু- জনক ক্ষমা প্ৰাৰ্থনা কৰি তেওঁ কৰা জগৰৰ বাবে অনুতাপ কৰিলত, মাধৱ- দেৱে তেওঁক ক্ষমা কৰিলে। সেই দিনাৰ পৰা গোপাল আতাই আকৌ আগৰদৰে মাধৱদেৱৰ পাশলৈ আহি গুৰুক সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। ইয়াৰ পিছত গোপাল আতাই আকৌ এবাৰ গুৰুজনক তেওঁৰ ঠাইলৈ নিবৰ মন কৰি নতুনকৈ বাৰী ঘৰ কৰিলে, ঢাপ মাৰি তাত সুন্দৰকৈ কল গছ ৰুলে; প্ৰতিজোপা কলত থোকাঘোকে কল পকিল; বাৰীখন সুশোভিত হল। গোপালে মাধৱদেৱক যাবলৈ প্ৰাৰ্থনা কৰিলত, নাৰায়ণ ঠাকুৰৰ বিশেষ অনুৰোধত মাধৱদেৱে সেৱকসকলৰে সৈতে ভৱানী- পুৰলৈ গৈ হৰিকীৰ্ত্তনাদি কৰিলে। গোপালে গুৰুজনক নানা প্ৰকাৰ সেৱা ভক্তি কৰি তুষ্ট কৰি আগ বঢ়াই থলে। এদিন কণ্ঠভূষণ গুৰুৱে প্ৰাৰ্থনা কৰি মাধৱদেৱক জনালে, তেওৰ ধত হৰিকীৰ্তন কৰিবলৈ গুৰুজন সেৱকসকলেৰে সৈতে যাব লাগে। কণ্ঠভূষণৰ প্ৰাৰ্থনাত মাধৱদেৱে, ভক্তসকলেৰে সৈতে তেওঁৰ গৃহলৈ গৈ হৰিকীৰ্ত্তন মহোৎসৱ সম্পন্ন কৰিলে। কণ্ঠভূষণৰ ভাৰ্য ৰামৰম গুৰুৰ দুহিতা। তেওঁ মাধৱদেৱক নানা ভক্তি সৎকাৰ কৰি ভোজন কৰাই, ভোজ- নান্তে স্বামীৰে সৈতে অনু পাত্ৰবোৰ মুৰত তুলি লৈ, “পাইলোঁ। পাইলো ৰে কৃষ্ণপদ-পঙ্কজৰ খুলি। ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি॥” এই যোবা গাই সেইবোৰ নদীৰ জালত বিসৰ্জন কৰি আহি গুৰুজনৰ চৰণ বলনা কৰিলে। ইয়াৰ পিছদিনা মাধৱদেৱ সুন্দৰীলৈ উভতি আহিল। এদিন শ্ৰীৰামেৰে সৈতে মাধৱদেৱ ঠাকুৰ-আতাৰ ঘৰলৈ গলত ঠাকু আতাই আগবঢ়াই লৈ গৈ বাৰ্তা পুছি তাতে থাকি ভোজন কৰিবলৈ প্ৰাৰ্থনা কল ফুলেৰে