পঞ্চবিংশ অধ্যায় বুঢ়া আতা। ভৱানীপুৰীয়া গোপাল আতা তাঁতীকুচি গ্ৰামত গোপাল বুঢ়া আতা নামে এজন আছিল। তেওঁ চৈতন্যপন্থী মহাজন এজনৰ ওচৰত ধৰ্ম্ম লৈ চৈতন্যীয়া ভকতসকলেৰে সৈতে হৰিগুণ গাই ফুৰিছিল। এদিন গোপাল বুঢ়া আতাই তেওঁ আশ্ৰয় কৰা সেই মহন্তক সকলোৰে আগতে এফাকি পদব অৰ্থ শুধিলত মহন্তই কলে “মই তাৰ অৰ্থ নাজানো, যিজনে সেই পদ কৰিছে তেওঁহে জানে।” এই উত্তৰ শুনি বুঢ়া আতাই ভাবিলে “মিছাতে এওঁৰ সঙ্গত আজি মই অতদিন ৰলে; কেনেকৈ এওঁৰপৰা সংসাৰ তৰিম! এওঁৰ সঙ্গ এৰি মাধৱদেৱৰ সঙ্গলৈ যাওঁ।” ইয়াকে ভাবি তেওঁ তেওঁৰ চৌধজন পালীৰে সৈতে সুন্দৰীদিয়ালৈ আহি মাধৱদেৱৰ ওচৰত উপস্থিত হৈ মাধৱদেৱৰ চৰণত পৰি সেৱা কৰি তেওঁলোেক ধৰ্ম্মক ধৰিবলৈ আহিছে বুলি কলে। মাধৱদেৱে তেওঁলোক কৰপৰা আহিছে, আগেয়ে তেওঁলোকে কাক আশ্ৰয় কৰি আছিল লি শুধিলত, বুঢ়া আতাই কলে “বাপ, আমি ৰামৰমীয়াৰ ধৰ্ম্ম শিকি তেওঁলোকৰ সঙ্গত ফুৰিছি।; কিন্তু আমাৰ মনত সন্তোষ নাই। আমাৰ গুৰু মহত্তজনক আপুনি ৰচনা কৰা বিতোপন পদ এফাকিৰ মানে শুধিলত তেওঁ আমাক কলে যি সেই পদ ৰচনা কৰিছে তেওঁহে তাৰ অৰ্থ জানে, মই নাজানো। এনেকৈ তেওঁ কোৱ। শুনি আমি তেওঁক এৰি আপোনাৰ ওচৰলৈ আহিলোঁ।” এই বুলি বুঢ়া আতাই পদফাকি মাতিলত মাধৱদেৱে তাৰ অৰ্থ সুন্দৰকৈ প্ৰপঞ্চি কৈ দিলে। বুঢ়া আতাই সেই কথা শুনি পৰম প্ৰেমত নিমগন হৈ মাধৱদেৱৰ ওচৰত শৰণ প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে তেওঁলোকক কলে বাৰু শৰণ দিয়া হব; কিন্তু তোমা- লোকে তোমালোকৰ সেই গুৰুক পৰিহাৰ কৰিছে বুলি তেওঁৰ নামে মাটিত আঁক এটা দি আঁকটো ভৰিৰ বুঢ়া আঙ্গুলিৰে মছি দিয়া।” এই কথা