পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১৭৫ শুনি বুটা আতাব লগৰীয়া চৌধজনে তেনে কবিলে; কিন্তু বুঢ়া আতাই বিনয কৰি মাধৱদেৱক জনালে বাপ, সেইজনকে আশ্ৰয় কবি আমি আপোক পালো, এতেকে আঁকট ভৰিৰে মছিবলৈ নকৈ যেন হাতেৰে মছিবলৈ অজ্ঞা দিয়ে।” এই কথা শুনি মাধৱদেৱে সন্তোষ পাই বুঢ়া আতাক “আৰু আঁকটা মাৰিব নালাগে” বুলি কৈ শবণ দিলে; আঁকটো ভৰিব অঙ্গুলীৰে মছো সঙ্গী পালীকেইজনক শবণ নিদি পঠিয়াই দিলে। বুঢ়া অতািই মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰি নিজৰ ঘৰলৈ গৈ তেওঁৰ ভাৰ্যাকো ধৰ্ম্মক ধৰালে। ইয়াৰ পিছত তেওঁ গুৰুজনক প্ৰাৰ্থনা কবি ঘোষা-কীৰ্ত্তনৰ পাল লৈ ওঠৰজন পাৰ্লাবে সৈতে ঘোষাকীৰ্ত্তন কৰিবলৈ ধৰিলে। বুঢ়া আতাৰ আৰু এটি নাম মথুৰাদাস। অসম ৰজাৰ গৰগাঁও নামে নগৰত ( আজিকালি নাজিৰা বোলে ) গোপাল নামে এজন শক্তিমন্ত পুৰুষ আছিল। তেওঁলোকৰ উপৰিপুৰুষজনৰ নাম ৰুদ্ৰেশ্বব; কুল কায়স্থ। গোপালৰ পিতৃৰ নাম ৰাজেশ্বৰ (১)* অথবা কামেশ্বৰ, মাকৰ নাম বজাঙ্গী। কামেশ্বৰে নাজিৰাৰ খোখোৰা গ্ৰামৰ নাচনীঘাট নামে ঠাইত বাস কৰিছিল। তাতে ১৪৩৬ শকত গোপালৰ জম হয়। গোপাল আতা মাক বজাঙ্গীৰ এখন পাণৰ পোহাৰ আছিল। এদিন অসমৰ ৰজাৰ কোৱৰ এজনে (২) হাতীত উঠি আহি তেওঁৰ পোহাৰৰ পাণ সোপাকে তেওঁৰ হাতীক খুৱালে। গোপাল আঁতাই এই কাৰ্য্য দেখি থাকি ক্ৰোধ কৰি হাতীটোৰ নেজত ধৰি তাক টানি নি গৰখাৱৈত পেলাই দিলত, ৰজাৰ কোৱৰৰ হাতীৰ পিঠিৰপৰা বাগৰি পৰিল। তেওঁ এনে হোৱা দেখি তেওঁক ৰজাই ধৰি কাটিব বুলি ভয় পাই মাকেৰে সৈতে দুয়ো তেতিয়াই লৰালৰিকৈ নাৱত উঠি পলাই গুচি গল। পিছত ৰজাই তেওঁক ধৰিবলৈ মানুহ পঠিয়াই অনেক বিচৰাইও নাপালে। তেওঁ মাকেৰে সৈতে গৈ বেহাৰৰ বজাৰ কামৰূপত থকা নগৰ বৰনগৰৰ ওচৰত ভৱানীপুৰ নামে গ্ৰামত উঠি বসতি কৰি ৰলগৈ। অচিতে গোপাল আতাই বেহাৰৰ ৰজা নবাবায়ণ দৃষ্টি আকৰ্ষণ কৰি ভৱানীপুৰৰ কুমাৰসকলৰ ওপৰত চৰ্দাৰ হৈ (১)* ভৱানীপুৰীয়া গোপাল আতাৰ চৰিত্ৰত তেওঁৰ পিতৃ নাম কামেশ্বৰ বুলি আছে; এতেকে সেইটোকে ঠিক বুলি আমি গ্ৰহণ কৰিলে। (২) লাদি ৰজাৰ কোৱৰ বুলি ওপৰত উল্লেখ কৰা চৰিত্ৰ পুথিত আছে।