পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 এই কথা শুনি বৰবিষ্ণু আতাই তেতিয়াই মনতে থিৰ কৰিলে যে তেওঁ মাধৱদেৱক গুৰু মানি ধৰ্ম্মক ধৰিব। তেওঁ নাৰায়ণ ঠাকুৰক শুধিলে “মই কেনেকৈ মাধৱদেৱক পাম? মোক তেখেতৰ ওচৰলৈ লৈ যাওক।” ঠাকুৰ আতাই তেওঁক শুধিলে, কি নিমিত্তে তেওঁ আহিছিল বুলি। বৰবিষ্ণু আতাই কলে মোক চিলাৰ ধানৰ কঠিয়া লৈ যাবলৈ সকলোৱে পাচি পঠিয়াই দিছিল; তাকে নিবলৈ বুলি বিচাৰি আহি আপোনাৰ ঘৰ পালোঁহি। মোৰ লগত আৰু তিনিজন মানুহ আহিছে। এই কথা শুনি ঠাকুৰ আতাই তেওঁক কঠিয়া দি কলে “বাপু, তুমি এই বিধান লৈ ঘৰলৈ গৈ ৰোৱাঁগৈ তাৰ পিছত আহিবা। তেতিয়া তোমাক গুৰুজনৰ ওচৰলৈ লৈ গৈ শৰণ দিয়াম।” এই কথা শুনি বৰবিষ্ণু আতাই সেই ৰাতি তাতে থাকি পিছদিনা পুৱাই উঠি ঘৰৰ ফালে গলগৈ। ঘৰ পাই তেওঁ সকলোকে কঠিয়া বাটি তাত মাথোন চাৰি দিন থাকি উভতি আহি ঠাকুৰ আতাৰ ঘৰ পাই ঠাকুৰ আতাক সেৱা কৰিলে। ঠাকুৰ আতাই তেওঁক কুশল বাৰ্ত্তা পুছি ব্ৰতে উপবাসে ৰাখি, গুৰু আৱৰণ বস্ত্ৰ, নৈবেদ্য লৈ, তেওঁক লগত লৈ সুন্দৰীলৈ যাত্ৰা কৰি গল। সুন্দৰী থানৰ গছ দূৰৰপৰা দেখি ঠাকুৰ আতাই বৰবিষ্ণুক কলে “শুনা বাপু, সৌৱা গুৰুজনৰ থান; গুৰুজনৰ উদ্দেশ্যে ইয়াতে পৰি এটি দণ্ডৱৎ কৰাঁ। ইয়াৰ পিছত ঠাকুৰ আতাই তেওঁক লগত লৈ মাধৱদেৱৰ সমীপত উপস্থিত হলত মাধৱদেৱে “সখি এইটি কোন” বুলি শুধিলত ঠাকুৰ আতাই কলে “এওঁৰ নাম বিষ্ণু; এওঁ দক্ষিণ-কুলত আপোনাৰ যশ শুনি আপোনাৰ ওচৰত ধৰ্ম্মক ধৰিবলৈ আশা কৰি আহিছে। এই কথা শুনি মাধৱদেৱে কৌতুক কৰি ঠাকুৰ আতাক কলে “সখি তুমি কি কাম কৰিলা; অভকতৰ সঙ্গত আহিলা?” ঠাকুৰ আতাই উত্তৰ দিলে “যেতিয়াই থানৰ বৃক্ষ দেখা পোৱা হল তেতিয়াই তেওঁৰ হতুৱাই আপোনাৰ ফালে এটি দণ্ডবৎ কৰাই আনিছো।” মাধৱদেৱে হাঁহি কলে “ সখি তুমি আগেয়ে শাহটি লৈ বাহটি আমালৈ আনিছা।” নাৰায়ণ ঠাকুৰে উত্তৰ দিলে “বাপ, শাহ বাহ সকলো আপোনাৰ চৰণত সমৰ্পণ কৰা আছে।” এই উত্তৰ শুনি মাধৱদেৱে বৰ ৰং পাই, বিষ্ণু আতাক শৰণ কৰালে। ধৰ্ম্মক ধৰি বৰবিষ্ণু আতা সাত দিন মাধৱদেৱৰ লগত পৰম ভক্তি ভাৱে গুৰু সেৱা ধৰি আছিল। সাত দিনৰ মূৰত মাধৱদেৱে তেওঁক শাস্ত্ৰ এখনি দি কলে “বিষ্ণু, তুমি এতিয়া ঘৰলৈ যোৱাঁ এই শাস্ত্ৰখন আগত থৈ তুমি যাক কায়-বাক্য-মনে-সমন্বিতে পাবা তাক শৰণ কৰাবা।” গুৰুজনৰ বাক্যত বৰবিষ্ণু আতা নিজৰ ঘৰলৈ উভতি গল; আৰু প্ৰথমতে তেওঁ তেওঁৰ ভাৰ্য্যা পুত্ৰ সকলক শৰণ লগালে। লাহে লাহে এই বাতৰি পাই দক্ষিণ-কুলৰ লোকসকলে বৰবিষ্ণু আতাৰ পাশলৈ আহি শৰণ লৈ ভক- তীয়া হবলৈ ধৰিলে।