১৭২ শ্ৰীলঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ জাখলি, ভলুকাটি, ভোজমালা নামৰ ঠায়েদি আহি অনুক্ৰমে মালচা নামে ঠাই পালেহি। মালচাত চন্দ্ৰাভূয়। নামে এজন আছিল, তেওঁৰ ঘৰতে বৰবিষ্ণু আলহী বলহি। চন্দ্ৰাভাই আলহীজনক শোধ-পোছ কবি খুৱাই বুৱাই ৰাখিলে। পুৱাই বৰবিষ্ণুৱে উঠি হাতত কোৰ এখন লৈ চন্দ্ৰাভূৰ্যৰ ঘৰৰ চোতাল পলি নৈৰ ঘাটলৈকে চুৰুকি পবিষ্কাৰ কৰি পেলোৱা দেখি চাতুয়াই বব সন্তোষ পালে। ভূয়াই তেওঁক আদব-সাদব কবি ভাল ঘব এটি থাকিবলৈ দি ৰাখিলে, আৰু ভূয়াৰ খেতি-কৃষি কৰা ঠাইত তেওঁ সদায় উপস্থিত হৈ ভূয়ক সহায় কৰিবলৈ ধবা দেখি ভূয়াই তেওঁৰ ব্যৱহাবত বব আনন্দ পালে। ইয়াৰ পিছত চন্দ্ৰাভূয়াই তেওঁৰ কন্যাৰ্টী বৰবিষ্ণু আতালৈ বিয়া দি ববিষ্ণুৰ জোৱাই কৰিলে আৰ আতাইও শবেকব ঘবত আনন্দ- মনেবে থাকি শহুৰেকৰ সকলো কাৰ্যতে পৰম সহায়ক হৈ পৰিল। তেওঁ বেঙেনা, ধান, মাহ, সবিযহ ইত্যাদি খেতি কবি সেই শহ বিকি অনেক টকা উপাৰ্জন কৰিলে। তাৰ পিছত তেওঁ ভাল ঠাই এখন লৈ তাত ভালকৈ ঘব বাবী সাজি তালৈ গল; তেওঁব গোপাল, যদুমণি আদি কবি পুত্ৰসকল জন্ম হল। এবাৰ পানী বাঢ়ি তেওঁৰ পথাবৰ ধানবোব নষ্ট হলত তেওঁৰ খেতি কৰিবলৈ কঠিয়া নাইকিয়া হল দেখি, চিলাব বানাব কঠিয়া বিচাৰি তেওঁ উত্তৰ পাবলৈ আহি ঠাকুব আতা নাৰায়ণৰ ঘৰ পালেহি। সেই সময়ত ঠাকুব আতা ঘৰত নাছিল; তেওঁৰ ভাৰ্য্যাই আলহীক শোধ- পোছ কবি ভোজন আয়োজন কবি দিলত বববিষ্ণু আতাই সন্তোষ মনেৰে ভোজন কবিলে। বববিষ্ণু আতাই বহি এখন পুথি পঢ়ি আছিল, এনেতে ঠাকুব আতাই ঘৰ পাই তেওঁক দেখি শুধিলে, তেওঁ কি পুথি পঢ়িছে বুলি। বববিষ্ণুৱে কলে কি পুথি মই ভালকৈ নাজানো।” এই উদ্ভব শুনি ঠাকুব আতাই তেওঁক কলে “তুমি যি চাউলব ভাত খোৱা কি ধানব সেই চা তাকে নাজানা :” এইকথা, শুনি বৰবিষ্ণুৱে ঠাকুব আতাক প্ৰণাম কৰি শুধিলে “ইয়াব কি নাম আৰু কোনে এই পুথি কৰিছে মোক কওক।” ঠাকুব আতাই কলে “এই পুথিৰ নাম ভকতিপ্ৰদীপ; জগৎ-গুৰুবে এই পুথি ৰচনা কৰিলে। শঙ্কৰমাধৱ দুয়ো একে বায়ণ; তেওঁলোক জীৱৰ তৰণৰ নিমিত্তে গুৰু শিষ্য ভাৱে অৱতাব হৈছেহি। শঙ্কৰদেৱে মাধৱদেৱত সম্পূৰ্ণ শৰতি থাপি ঋধামলৈ গতি কৰিলে। এতিয়া মাধৱদেৱ সুন্দৰীত ধৰ্থ প্ৰকাশ কবি আছে। 31